Monday, October 3, 2022
HomeNews২০২১ চনৰ নিৰ্ধাৰিত সময়ত অলিম্পিক অনুষ্ঠিত কৰাটো অসম্ভৱ হ'ব : তীব্ৰ আৰ্থিক...

২০২১ চনৰ নিৰ্ধাৰিত সময়ত অলিম্পিক অনুষ্ঠিত কৰাটো অসম্ভৱ হ’ব : তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ’ব আই অ’ চি

olympiasports.in

কৰ’না মহামাৰীৰ বাবে এবছৰ পিছুৱাই দিবলৈ বাধ্য হ’ল অলিম্পিক প্ৰতিযোগিতা। চলিত বছৰৰ জুলাই মাহৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিশ্ব প্ৰতিযোগিতাখন ২০২১ চনৰ ২৩ জুলাইৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আশা কৰা হৈছে তেতিয়া লৈকে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰি জনজীৱনলৈ সুস্থিৰতা আনিব পৰা যাব। এবছৰ পিছত হ’লেও অলিম্পিক প্ৰতিযোগিতাখন সফলভাবেই অনুষ্ঠিত কৰিব পাৰিব। কিন্তু জাপানৰ কৰ’না ভাইৰাছ বিশেষজ্ঞ Kentaro Iwata ই এই প্ৰসংগত এক নিৰাশাজনক বাৰ্তাহে প্ৰেৰণ কৰিছে‌। অধ্যাপক গৰাকীয়ে The Japan Times ৰ আগত দিয়া ভাষ্য মতে ২০২১ চনৰ নিৰ্ধাৰত সময়তো অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ নহ’ব। অৱশ্যে দৰ্শক অবিহনে যদি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰে তেনে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত অসুবিধা নহ’ব বুলিও কয় বিশেষজ্ঞ গৰাকীয়ে।

জাপানৰ ক’বে বিশ্ববিদ্যালয়ৰ অধ্যাপক Kentaro Iwata ই সংবাদ মাধ্যমৰ আগত কৈছে ‘যদি মই সত্য কথা ক‌ও, তেনে মই নাভাবোঁ যে অহাবছৰ অলিম্পিক অনুষ্ঠিত কৰিব পাৰিব। বৰ্তমান প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ দুটাই বিকল্প আছে।প্ৰথম, আমি জাপানত ভাইৰাছ বিধক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। দ্বিতীয়টো হ’ল সমগ্ৰ পৃথিৱীতে ইয়াক নিয়ন্ত্ৰণ। কাৰণ প্ৰতিযোগিতালৈ বিশ্বৰ এথলিট আৰু আৰু অতিথিক নিমন্ত্ৰণ কৰা হ’ব।’

আনহাতে Iwata ই আকৌ কৈছে যে ‘ জাপানৰ ইমান ক্ষমতা আছে যে জাপানত এই ভাইৰাছ বিধক আহি থকা গৰমলৈকে নিয়ন্ত্ৰণ কৰিব পাৰিব। কিন্তু তেতিয়ালৈকে যে বিশ্বৰ আন প্ৰান্তত ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিব তাত সন্দেহ আছে। এইবাবেই মোৰ সন্দেহ হয় যে অহাবছৰো টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাত অসুবিধাৰ সৃষ্টি হ’ব। অৱশ্যে দৰ্শক অবিহনে বা কম প্ৰতিভাৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে তেনে সম্ভৱ হ’ব।

আনহাতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ‌ই যোৱা শনিবাৰে স্বীকাৰ কৰিছে যে কৰ’না ভাইৰাছে নতুনকৈ ঠিক কৰা অলিম্পিক প্ৰতিযোগিতাকো প্ৰভাৱিত কৰিব পাৰে।

উল্লেখ্য যে টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰিবলৈ জাপান চৰকাৰে এতিয়ালৈকে সৰ্বমুঠ ১২.৬ আৰব ডলাৰ খৰচ কৰিছে। প্ৰতিযোগিতাখনৰ মুঠ খৰচ ২৫ আৰব ডলাৰ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৫.৭ আৰব ডলাৰ অৰ্থ সংগ্ৰহ কৰিছিল। ইয়াৰ ৭৩ শতাংশই আহিছিল সংবাদ মাধ্যমৰ পৰা। বাকী ২৭ শতাংশ আহিছিল বিভিন্ন স্পনচৰৰ পৰা। যদিহে টকিঅ’ অলিম্পিক বাতিল কৰিব লগীয়া হয় তেনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে এই সমুদায় ধন পুনৰ ঘূৰাই দিব লাগিব। গতিকে টকিঅ’ অলিম্পিক বাতিল হ’লে আন্তঃৰাষ্ট্ৰীয় অলিম্পিট কমিটিৰ যে বিস্তৰ ক্ষতি হ’ব সেয়া নিশ্চিত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments