Wednesday, May 25, 2022
HomeNewsঅলিম্পিকৰ ভেন্যুত দৰ্শকৰ প্ৰৱেশৰ অনুমতি জাপান চৰকাৰৰ

অলিম্পিকৰ ভেন্যুত দৰ্শকৰ প্ৰৱেশৰ অনুমতি জাপান চৰকাৰৰ

টকি’অ অলিম্পিক অনুষ্ঠিত সেইলৈ এতিয়াও আশংকা আতৰা নাই৷ টকি’অ চহৰ এতিয়াও মহামাৰী কৰোনাৰ কূটিল গ্ৰাসৰ পৰা মুক্ত নহয়৷ দেশখনৰ ৮০ শতাংশ জনতাই বিচাৰিছে অলিম্পিক বাতিল হওক৷ অন্যথা সৃষ্টি হব পাৰে ভয়ংকৰ পৰিস্থিতিৰ৷ মাজত মাথো ৩২ দিন৷ দেশখনৰ সাধাৰণ নাগৰিক একাংশ ক্ৰীড়াবিদ, ক্ৰীড়াসংগঠকৰ তীব্ৰ বিৰোধীতাৰ স্বত্বেও অলিম্পিক আযোজনৰ ক্ষেত্ৰত আকোৰগোঁজ জাপান চৰকাৰ আৰু আন্তৰ্জাতিক আলিম্পিক কমিতি৷ শেহতিয়াকৈ সংবাদ মাধ্যমত এক ঘোষণাত অলিম্পিকৰ ভেন্যুত দৰ্শক প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে জাপান চৰকাৰে৷ পূৰ্বে দৰ্শক বিহীনভাৱেই অলিম্পিক অনুস্থিত কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও আন্তৰ্জাতিক অলিম্পিক কমিতি, আন্তৰ্জাতিক পেৰা অলিম্পিক কমিতি, টকি’অ মেট্ৰ পলিটান আৰু জাপান চৰকাৰৰ মাজত সোমবাৰে অনুস্থিত বৈঠকত প্ৰতিটো ভেন্যুটে ৫০ শতাংশ দৰ্শকৰ অনুমতি প্ৰদান কৰা হয়৷ অহা ২৩ জুলাইৰ পৰা ৮ আগষ্ঠলৈ অনুস্থিত হ’ব বিশ্বৰ সৰ্ববৃহত ক্ৰীড়াসমাৰোহ অলিম্পিক৷ আয়োজক আকোৰগোজ অলিম্পিক পাতিবই৷ জাপানী জনতাও যুদ্ধংদেহি-  No Olympic, Cancel Olympic, Marder Olympic ৷ অপেক্ষা মাথো সময়ৰ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments