Monday, October 3, 2022
HomeNewsবুকীয়ে মেচ ফিক্সিংৰ বাবে ২ লাখ ডলাৰ অফাৰ কৰিছিল : পি চি...

বুকীয়ে মেচ ফিক্সিংৰ বাবে ২ লাখ ডলাৰ অফাৰ কৰিছিল : পি চি বিয়ে নিষিদ্ধ কৰিলে ওমৰ আকমলক

olympiasports.in

পাকিস্তানৰ ক্ৰিকেটাৰ ওমৰ আকমলক পাকিস্তান ক্ৰিকছট ব’ৰ্ড চমুকৈ পি চি বিয়ে তিনিবছৰৰ বাবে সকলোধৰণৰ ক্ৰিকেটত নিষিদ্ধ ঘোষণা কৰিছে।

নিজৰ আত্মপ্ৰকাশ মেচত শতক সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা আকমলৰ ওপৰত মেচ ফিক্সিংৰ তথ্য লুকুৱাই ৰখাৰ অভিযোগ উঠিছিল। এই সম্পৰ্কে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অনুশাসন কমিটিয়ে বিচাৰ কৰিছিল আৰু আকমলকৰ ওপৰত থকা অভিযোগ সত্য বুলি প্ৰমাণিত হৈছিল।

ইয়াৰ পিছতেই পি চি বিৰ অনুশাসন কমিটিৰ অধ্যক্ষ ন্যায়াধীশ ( ৰিটায়াৰ্ড) ফজল এ মীৰন চৌহানে আকমলক সকলোধৰণৰ ক্ৰিকেট খেলৰ পৰা তিনিবছৰৰ বাবে বহিস্কাৰ কৰিছে।

আকমলে এক ইণ্টাৰভিউত মেচ ফিক্সিংৰ বিষয়ে উল্লেখ কৰিছিল

পাকিস্তানৰ ক্ৰিকেটাৰ ওমৰ আকমলে এক ইণ্টাৰভিউত উল্লেখ কৰিছিল যে তেওঁক কোনো এজন বুকীয়ে মেচ ফিক্সিংৰ বাবে ২ লাখ ডলাৰ অফাৰ কৰিছিল। সেয়াই নহয়, ইয়াৰ পূৰ্বে আকমলে দাবী কৰিছিল যে ভাৰতৰ বিৰুদ্ধে নেখেলিবলৈ কোৱাৰ উপৰিও ২০১৫ চনৰ বিশ্বকাপত মেচ ফিক্সিং কৰিবলৈ কৈছিল।

উল্লেখ্য যে আই চি চি দুৰ্নীতি প্ৰতিৰোধৰ ২ ৪.৪ আৰু ২.৪.৫ অনুচ্ছেদ অনুসৰি প্ৰতিজন ক্ৰিকেটাৰে কোনোধৰণৰ ধনৰ অফাৰ পালে বা ফিক্সিংৰ অফাৰ পালে সেয়া সংশ্লিষ্ট বিভাগক জনোৱা বাধ্যতামূলক। কোনো ক্ৰিকেটাৰে যদি ইয়াৰ বিপৰীতে যায় অৰ্থাৎ এইবোৰ তথ্য লুকুৱাই তেনে আই চি চিৰ নীতি অনুসৰি ৫ বছৰৰ নিলম্বনৰ শাস্তি ভোগ কৰিবলগীয়া হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments