Friday, September 30, 2022
HomeNews২০১৯ ৰ আজিৰ দিনটোত ইংলেণ্ডে ৰচনা কৰিছিল ইতিহাস; কিন্তু সৃষ্টি হৈছিল আন...

২০১৯ ৰ আজিৰ দিনটোত ইংলেণ্ডে ৰচনা কৰিছিল ইতিহাস; কিন্তু সৃষ্টি হৈছিল আন এক বিতৰ্কৰ

অলিম্পিয়া প্রতিবেদন

২০১৯ ৰ আজিৰ দিনটোতে ইংলেণ্ডে বিশ্বকাপৰ খিতাপ দখল কৰিছিল। প্ৰথম অৱস্থাত টাই হোৱা মেচখনৰ ফলাফল ছুপাৰ অভাৰৰ সহায়ত নিৰ্ণয় কৰা হয়।
ছুপাৰ অভাৰো টাই হোৱাত অৱশেষত ইনিংছত কোবোৱা বাউণ্ডেৰীৰ সহায়ত মেচখনৰ ফলাফল ঘোষণা কৰা হয়, য’ত ইংলেণ্ডে বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

মেচখনত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ২৪১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে নিৰ্দ্ধাৰিত অভাৰত সমান সংখ্যক ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মেচখন টাই হোৱাত ছুপাৰ অভাৰৰ সহায় লোৱা হয়। ছুপাৰ অভাৰত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ১৫ ৰান সংগ্ৰহ কৰে। ১৬ ৰানৰ লক্ষ্য আগত লৈ নিউজিলেণ্ড দলটোও ১৫ ৰানতে সীমাবদ্ধ হৈ পৰে। ফলত পুনৰ টাই হৈ পৰে মেচখন। তাৰ পিছত খেলখনৰ ফলাফল নিৰ্ণয় কৰিবলৈ দলে কোবোৱা সৰ্বমুঠ বাউণ্ডেৰীৰ সহায় লোৱা হয়। সেই অনুসৰি যিটো দলে তেওঁলোকৰ ইনিংছত অধিক সংখ্যক বাউণ্ডেৰী কোবাইছিল সেই দলকে বিজয়ী বুলি ঘোষণা কৰা হয়। এইদৰেই অধিক বাউণ্ডেৰী কোবোৱাৰ ফলত ইংলেণ্ড দলটোৱে বিশ্বকাপৰ মুকুট পিন্ধাৰ সুযোগ লাভ কৰে।

ফলাফল নিৰ্ণয়ৰ এই প্ৰক্ৰিয়াক লৈ সেই সময়ত তুমূল বিতৰ্কৰো সূচনা হয়। বহুতেই আই চি চি এই নিয়মক তীব্ৰ সমালোচনা কৰে। নিউজিলেণ্ডৰ বহুকেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে আই চি চিৰ এই নিয়মক মুকলিকৈ সমালোচনা কৰে। ভাৰতৰো গৌতম গম্ভীৰ, যুৱৰাজ সিঙকে ধৰি বহুতেই ফলাফল নিৰ্ণয়ৰ এই প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments