Wednesday, October 5, 2022
HomeNews১৯৭৫ চনৰ আজিৰ দিনটো আছিল ভাৰতীয় ক্রিকেটৰ বাবে বিশেষ দিন; দলটোৱে...

১৯৭৫ চনৰ আজিৰ দিনটো আছিল ভাৰতীয় ক্রিকেটৰ বাবে বিশেষ দিন; দলটোৱে অৰ্জন কৰিছিল এক বিশেষ কৃতিত্ব

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

১৯৭৫ চনৰ আজিৰ দিনটোতেই নৱাগত ভাৰতীয় ক্ৰিকেট দলে অৰ্জন কৰিছিল বিশ্বকাপ ক্ৰিকেটৰ প্রথমটো জয়। ১৯৭৫ চনত ভাৰতীয় দলটো আছিল তেনেই নৱাগত। বিশ্বকাপৰ প্ৰথমখন মেচত ইংলেণ্ডৰ বিপক্ষে ২০২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল ভাৰতীয় দলটো। বিশ্বকাপৰ দ্বিতীয়খন মেচত আজিৰ দিনটোতে তেওঁলোক মুখামুখী হৈছিল পূব আফ্ৰিকাৰ সৈতে। টছত জিকি পূৱ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল।

ভাৰতৰ হৈ মদল লালে বিধ্বংসী বলিঙৰ প্ৰদৰ্শনেৰে ১৫ ৰানৰ ব্যৱধানত দখল কৰিছিল ৩ টাকৈ উইকেট। আন এগৰাকী ভাৰতীয় বলাৰ বিষেন বেদীয়ে ১২ অভাৰত কেৱল ৬ ৰান ব্যয় কৰি দখল কৰিছিল ১ টা উইকেট। আবিদ আলী আৰু মহিন্দ অমৰনাথে লাভ কৰিছিল দুটাকৈ উইকেট। পূব আফ্ৰিকাই কেৱল ১২০ ৰানতে ইনিংছ সামৰছিল। ১২১ ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় দলে এটাও উইকেট নেহেৰুৱাকৈ ইপ্সিত লক্ষ্যত উপনীত হৈছিল। সুনীল গাভাস্কাৰ আৰু ফাৰুখ ইঞ্জিনীয়াৰে অপেনিং যুটিত নিজৰ বেটিং পৰাক্ৰমৰে পূৱ আফ্ৰিকাৰ বলিং লাইন আপক টচনচ কৰি সংগ্ৰহ কৰে ১২৩ ৰান। উল্লেখযোগ্য যে কেইদিনমান আগতে ইংলেণ্ডৰ বিপক্ষে ১৭৪ টা বলত ৩৬ ৰান সংগ্ৰহ কৰি সকলোৰে সমালোচনাৰ সম্মুখীন হৈছিল গাভাস্কাৰ। পিছত পূৱ আফ্ৰিকাৰ বিপক্ষে কৰা ইনিংছটোৱে নায়ক হিচাবে প্ৰতিষ্ঠা কৰিছিল গাভাস্কাৰক।

পূৱ আফ্ৰিকাৰ বিৰুদ্ধে সুনীল গাভাস্কাৰৰ

সি যি কি নহওঁক এই জয় আছিল বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ প্ৰথমটো জয়। অৱশ্যে সেইবাৰ বিশ্বকাপত ভাৰতীয় দলটো প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হৈছিল। আৰু তাৰ পিছত ঠিক ৮ বছৰৰ অন্তৰালত ভাৰতে দখল কৰিছিল প্ৰথমটো বিশ্বকাপৰ খিতাপ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments