Monday, October 3, 2022
HomeNews১৯৮৩ ৰ আজিৰ দিনটোতেই ৰচনা হৈছিল ইতিহাস; স্থাপন হৈছিল বিশ্বকাপ জয়ৰ আধাৰশিলা

১৯৮৩ ৰ আজিৰ দিনটোতেই ৰচনা হৈছিল ইতিহাস; স্থাপন হৈছিল বিশ্বকাপ জয়ৰ আধাৰশিলা

অলিম্পিয়া বিশেষ লেখা

✍️ পূৰ্ণানন্দ নেওগ

বিশ্বকাপ ক্ৰিকেটৰ তৃতীয় সংস্কৰণ আয়োজিত হৈছিল ১৯৮৩ চনত। ১৯৮৩ চনৰ আজিৰ দিনটোৱে ভাৰতৰ ক্ৰিকেট ইতিহাসত বহন কৰে এক বিশেষ তাৎপৰ্য। এই দিনটোতে কপিল দেৱৰ বেটৰ পৰা আহিছিল ১৭৫ ৰানৰ বিস্ফোৰক ইনিংছটো।

গ্ৰুপ পৰ্যায়ৰ সেই মেচত ভাৰতৰ প্ৰতিদ্বন্দী আছিল জিম্বাব’ৱে। টছত জয়লাভ কৰি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্তৰে ক্ৰিজত নামিছিল। ইনিংছ আৰম্ভ কৰিয়েই বিপদত পৰিছিল ভাৰতীয় দলটো। টপ অৰ্ডাৰৰ সকলো বেটছমেনেই পেভিলিয়ন মুখী হৈছিল। এসময়ত স্ক’ৰবোৰ্ডত স্ক’ৰ আছিল ৫ টাকৈ উইকেট হেৰুৱাই মাত্ৰ ১৭ ৰান। ব্যৰ্থ হৈছিল সুনীল গাভাস্কাৰ, মহিন্দ্ৰ অমৰনাথ, শ্ৰীকাণ্ঠৰ দৰে টপ অৰ্ডাৰৰ বেটছমেনসকল। তেতিয়াই ক্ৰিজলৈ আহিছিল কপিল দেৱ। কপিল দেৱে ৰ’জাৰ বিনীৰ লগ লাগি পৰিস্থিতি কিছু চম্ভালিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ৬০ ৰানৰ যুটি বান্ধি খেললৈ কিছু স্থিৰতা আনিছিল। তেনেতে ২২ ৰানৰ ব্যক্তিগত স্ক’ৰত বিনীয়েও বিদায় মাগিছিল। সেই সময়ত দলৰ স্ক’ৰ হৈছিল ৬ টা উইকেটৰ পতনত ৭৭ ৰান। ইয়াৰ পিছতে কপিল দেৱে মেচখন নিজৰ হাতলৈ আনি আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। ইটোৰ পিছত সিটো বলৰ ঠিকনা হয়গৈ বাউণ্ডেৰীৰ সিপাৰ। এনেদৰেই ১৭ টা চাৰি আৰু ৬ টা ছয়েৰে অলৰাউণ্ডাৰগৰাকীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ১৭৫ ৰান।

ভাৰতে জিম্বাব’ৱেক জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়ে ২৬৭ ৰানৰ লক্ষ্য। ২৬৭ ৰানৰ লক্ষ্য আগত লৈ জিম্বাব’ৱেৰ দলটোৱে সংগ্ৰহ কৰে ২৩৫ ৰান। ভাৰতে এনেদৰেই মেচ খনত ৩১ ৰানৰ ব্যৱধানত জয় লাভ কৰে। এই মেচখন ৮৩ বিশ্বকাপৰ এক অন্যতম শ্ৰেষ্ঠ মেচ হিচাবে পৰিগণিত হয়। এনেধৰণৰ প্ৰদৰ্শনৰ বাবেই দলটোৱে সেইবাৰ জয় কৰিবলৈ সক্ষম হয় ভাৰতৰ ক্ৰিকেট ইতিহাসৰ প্ৰথমটো বিশ্বকাপ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments