Tuesday, October 4, 2022
HomeNewsOne State, One Game : লক্ষ্য অলিম্পিকৰ শীৰ্ষ দহ....

One State, One Game : লক্ষ্য অলিম্পিকৰ শীৰ্ষ দহ….

✍️ তুষাৰ প্ৰতিম

কৰ’না মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে ক্ৰীড়া জগত। এবছৰৰ বাবে পিছুৱাই দিয়া হৈছে অলিম্পিকৰ দৰে বিশ্ব ক্ৰীড়া প্ৰতিযোগিতা। চলিত বছৰত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক ২০২১ চনলৈ পিছুৱাই দিয়া হৈছে। ইতিমধ্যে প্ৰতিযোগিতাখনৰ প্ৰায় বোৰ ইভেণ্টলৈ খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। মণিপুৰৰ মেৰী কম, অসমৰ লাভলীনা, নীৰজ কুমাৰ, আদিৰ লগতে বহু কেইগৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰিছে। আশা কৰা হৈছে এই খেলুৱৈসকলে বিশ্ব ক্ৰীড়া প্ৰতিযোগিতাখনত পদক অৰ্জন কৰি ভাৰতৰ ক্ৰীড়াক বিশ্বৰ আগত তুলি ধৰিব। অৱশ্য লকডাউনৰ বাবে এতিয়া এই খেলুৱৈসকলে উন্নত প্ৰশিক্ষণ আৰু অনুশীলনৰ বাবে বঞ্চিত হৈ আছে, যাৰ বাবে তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আহি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যাৰ বাবে ভাৰত চৰকাৰে এই খেলুৱৈসকলে যাতে নিজ ঘৰতে অনুশীলন কৰিব পাৰে তাৰ বাবে ‘ছাই’ৰ জৰিয়তে বিভিন্ন ক্ৰীড়া সামগ্ৰী যোগান ধৰিছে।

অলিম্পিকক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনেবোৰ ঘটনা প্ৰবাহৰ মাজতেই শেহতীয়াকৈ ভাৰত চৰকাৰে অলিম্পিকক কেন্দ্ৰ কৰি গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে ২০২৮ চনৰ অলিম্পিকক লক্ষ্য কৰি লৈ ‘One State One Game’ অৰ্থাৎ এক ৰাজ্য, এক ক্ৰীড়া আ‍ঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধিনত অলিম্পিক স্বীকৃতিপ্ৰাপ্ত ১৪ বিধ ক্ৰীড়াক অন্তৰ্ভুক্ত কৰা হৈছে। এই ১৪ বিধ খেলক বিভিন্ন ৰাজ্যৰ মাজত ভগাই দিয়া হৈছে। আঁচনি অনুসৰি প্ৰতিখন ৰাজ্যৰ মাজত ভগাই দিয়া ক্ৰীড়া বিধৰ খেলুৱৈসকলক অলিম্পিকৰ বাবে নিৰ্দিষ্ট ৰাজ্যখনে তৈয়াৰ কৰিব লাগিব। আনহাতে এই আঁচনিৰ অধীনত দেশৰ কেইবাখনো ৰাজ্যক অৱশ্যে একাধিক ক্ৰীড়া প্ৰদান কৰা হৈছে। সেই অনুসৰি দেশৰ পাঁচখন ৰাজ্য‌ ক্ৰমে অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰামে অলিম্পিকৰ বাবে বক্সিং খেলুৱৈ তৈয়াৰ কৰিব। আনহাতে দিল্লীকে ধৰি তিনিখন ৰাজ্য‌ই মল্লযু‍ঁজাৰুক তৈয়াৰ কৰিব। আঁচনিখনৰ অধীনত এইদৰে ৰাজ্য‌সমূহে নিৰ্দিষ্ট ক্ৰীড়াৰ বাবে অলিম্পিক খেলুৱৈ তৈয়াৰ কৰিব।

এক ৰাজ্য, এক ক্ৰীড়া শীৰ্ষক এই আঁচনিৰ মূল লক্ষ্য হৈছে ২০২৮ চনৰ অলিম্পিকৰ পদক তালিকাত শীৰ্ষ ১০ খন ৰাষ্ট্ৰৰ মাজত স্থান লাভ কৰা। শীৰ্ষ ১০ত স্থান লাভ কৰিবলৈ নিশ্চিতভাৱে লাগিব খেলুৱৈৰ অতি উন্নত প্ৰদৰ্শন। যাৰ বাবে এতিয়া দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে এই আঁচনি তৈয়াৰ কৰি ৰাজ্যসমূহক নিৰ্দিষ্ট ক্ৰীড়া নিৰ্ধাৰণ কৰি দিছে।

আঁচনিখনৰ জৰিয়তে কাংক্ষিত লক্ষ্যত উপনীত হবলৈ ইতিমধ্যে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ে পূৰ্ণমাত্ৰাই কাম আৰম্ভ কৰিছে। আৰম্ভ হৈছে জুডো, হকী, ফেঞ্চিং আৰু চাইক্লিংৰ কেন্দ্ৰ। এই কেন্দ্ৰ সমূহত বৰ্তমান জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈক ট্ৰেইনি‌ংৰ ব্যৱস্থা কৰা হৈছে, য’ত খেলুৱৈসকলৰ ট্ৰেইনি‌ংৰ লগতে অধ্যয়নৰো ব্যৱস্থা কৰা হৈছে। যাৰ বাবে স্কুলো নিৰ্মাণ কৰা হৈছে।

আনহাতে এক ৰাজ্য, এক ক্ৰীড়া আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰতিখন ৰাজ্য‌ই ৰাষ্ট্ৰীয়ৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰি অহা প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যসমূহক কোনবিধ ক্ৰীড়াৰ খেলুৱৈক তৈয়াৰ কৰিব সেয়া নিৰ্ধাৰণ কৰা হৈছে। এই ৰাজ্য সমূহত ক্ৰীড়াৰ বুনিয়াদী সুযোগ’- সুবিধা আৰু খেলুৱৈৰ উন্নত প্ৰশিক্ষণৰ উপৰত গুৰুত্ব প্ৰদান কৰি সেইবোৰ উন্নত কৰিবলৈ আঁচনিৰ অধীনত ক্ৰীড়া মন্ত্ৰালয়ে সহযোগিতা আগবঢ়াব।

এক ৰাজ্য, এক ক্ৰীড়া আঁচনিৰ অধীনত কোনখন ৰাজ্য‌ই কোনবিধ ক্ৰীড়াৰ খেলুৱৈ তৈয়াৰ কৰিব তাৰ তালিকাখন এনেধৰণৰ —-

  • শ্বুটিং : মধ্যপ্ৰদেশ
  • ভাৰত্তোলন : অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু পুডুচেৰী
  • ৰ’য়িং : আন্দামান আৰু নিকোবৰ
  • বক্সিং: অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰাম
  • জুডো : বিহাৰ আৰু ত্ৰিপুৰা
  • হকী : চণ্ডিগড়, ওড়িশ্যা, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ
  • আৰ্চাৰী : ছত্তিশগড়, ঝাৰখণ্ড, লডাখ, ৰাজস্থান আৰু চিকিম
  • চাইক্লিং : আঁচনিখনত যদিও প্ৰতিখন ৰাজ্যৰ বাবে ক্ৰীড়া নিৰ্দিষ্ট কৰা হৈছে, তথাপিও এই ক্ৰীড়াৰ বাবে কোনো ৰাজ্য‌ই আগ্ৰহ প্ৰকাশ নকৰিলে।
  • টেবুল টেনিছ : পশ্চিম বংগ, দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ আৰু তামিলনাডু
  • সাঁতোৰ : গোৱা আৰু কৰ্ণাটকা।
  • ফেঞ্চিং : জন্মু কাশ্মীৰ
  • বেডমিণ্টন : তেলেংগানা
  • এথলেটিকছ : উত্তৰাখণ্ড, গুজৰাট, কেৰেলা আৰু লক্ষ্যদ্বীপ
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments