Thursday, May 19, 2022
HomeNewsমহিলাৰ এদিনীয়া ক্ৰিকেটত অসমৰ জয়লাভ

মহিলাৰ এদিনীয়া ক্ৰিকেটত অসমৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি আছে ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা এদিনীয়া ট্ৰফী ক্ৰিকেটৰ এলীট গ্ৰুপ “এ” ৰ মেচ । সোমবাৰ অৰ্থাৎ ১ নৱেম্বৰত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ২৭ ৰাণত জয়লাভ কৰে । অভিমন্যু ক্ৰিকেট একাডেমী গ্ৰাউণ্ডত অসমে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত ৫০ অভাৰত ৬ উইকেটৰ বিনিময়ত অসমে সংগ্ৰহ কৰে ২০৯ ৰাণ। বেটিঙত অসমৰ হৈ উইকেটৰক্ষক স্বপ্না চৌধুৰীয়ে সৰ্বাধিক ৭১, ৰশ্মি দেই ৫৯ ৰাণৰ অৱদান আগবঢ়ায় । অপেনাৰ গায়ত্ৰী গুৰঙ আৰু উমা চেত্ৰীৰ বেটৰ পৰা আহে ২০ ৰাণ কৈ ।প্ৰত্যুত্তৰত ত্ৰিপুৰাই ৪৭.৫ অভাৰত ১৮২ ৰানতে ইনিংছ সামৰে ।

বলিঙত অসমৰ ৰশ্মি দেই ৪ টা আৰু অনামিকা বড়িয়ে ২ টা উইকেট দখল কৰে। ত্ৰিপুৰাৰ বিৰুদ্ধে জয়লাভ কৰিলেও দেওবাৰ অৰ্থাৎ ৩১ অক্টোবৰত অসমে কেৰালাৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত হয়। ডেৰাডুনৰ তনুচ একাডেমী খেলপথাৰত টছত জয়লাভ কৰি অসমে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ললেও কেৰালাৰ বলাৰসকলৰ সন্মুখত নিস্প্রাণ হৈ পৰে ।

অসমে নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটত সংগ্ৰহ কৰে মাথোঁ ১০২ ৰাণ । অসমৰ উমা চেত্ৰীয়ে ২০, স্বপ্না চৌধুৰী আৰু অনামিকা বড়ি উভয়ে ১২ ৰাণ কৈ সংগ্ৰহ কৰাৰ বাহিৰে বাকীসকল ৰাণ সংগ্ৰহত ব্যৰ্থ হয় । প্ৰত্যুত্তৰত কেৰালাই ৩৩.৩ অভাৰত ৪ টা উইকেট হেৰুৱাই বিজয় নিশ্চিত কৰে । অসমে ৩ নৱেম্বৰৰ পৰবৰ্তী মেচত শক্তিশালী মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments