Tuesday, October 4, 2022
HomeNewsঅসম ক্ৰীড়া প্ৰাধিকৰণৰ সজাগতামূলক অনলাইন কাৰ্যসূচী

অসম ক্ৰীড়া প্ৰাধিকৰণৰ সজাগতামূলক অনলাইন কাৰ্যসূচী

olympiasports.in

সমগ্ৰ দেশ লকডাউনৰ মাজত থকা সময়তে স্পৰ্টছ অথৰিটি অৱ আছাম অৰ্থাৎ অসম ক্ৰীড়া প্ৰাধিকৰনে খেলুৱৈ সকলৰ মাজত ক্ৰীড়া স্পৃহা বৰ্তাই ৰাখিবলৈ গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী। এই লকডাউনৰ সময়ছোৱাত খেলুৱৈসকল কিদৰে সক্ৰিয় হৈ থাকিব পাৰে তথা ঘৰত থাকিয়েই কিদৰে খেলৰ সৈতে জড়িত হৈ থাকিব পাৰে সেই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ স্পৰ্টছ অথৰিটি অৱ আছামে অসমৰ তাৰকা খেলুৱৈসকলৰ সহায়ত ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰিছে বিশেষ বাৰ্তা।

অসমৰ বৰ্তমানৰ তথা পূৰ্বৰ বহুকেইজন খেলুৱৈয়ে নিজে ঘৰত কৰা অনুশীলন ভিডিঅ’ৰ জৰিয়তে প্ৰদৰ্শন কৰি নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছে। তাৰোপৰি স্পৰ্টছ অথৰিটি আছামৰ অন্তৰ্ভুক্ত প্ৰশিক্ষকসকলে এই সময়ছোৱাত ৱেবিনাৰৰ জৰিয়তে অনলাইন প্ৰশিক্ষনো প্ৰদান কৰিছে।

এনে প্ৰশিক্ষণৰ ভিডিঅ’সমূহ স্পৰ্টছ অথৰিটি অৱ আছামৰ য়ুটিউব চেনেল তথা ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ পেজতো এই ভিডিঅ’সমূহ উপলব্ধ হ’ব। স্পৰ্টছ অথৰিটি অৱ আছামৰ এই কাৰ্যসূচীত বৰ্তমানলৈ দৌৰবিদ হিমা দাস, বক্সাৰ লাভলীনা বৰগোঁহাই, যমুনা বড়ো, অংকুশিতা বড়ো, শ্বুটাৰ হৃদয় হাজৰিকা, সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, শিৱাঙ্গী শৰ্মা, প্ৰাক্তন ফুটবলাৰ গিলবাৰ্টচন চাংমা, প্ৰাক্তন এথলিট টইবুন নিচা আৰু জ্যেষ্ঠ প্ৰশিক্ষক নিপন দাসে অংশ লৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments