স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন গুৱাহাটীবাসীৰ বাবে সু-খবৰ ৷ শীঘ্রেই মহানগৰত আৰম্ভ হ’ব চাইকেল চেয়াৰিং ব্যৱস্থা৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ অধীনত অটল মিছন ফৰ ৰেজুভেনেশ্যন এণ্ড আৰবান ট্রান্সফৰমেশ্যনে (আমৰুট) মুঠ ৩ কোটি টকাৰে এটা প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। ইয়াৰ অধীনত এতিয়া গুৱাহাটীবাসীয়ে প্রতিঘণ্টাত কেৱল দহ টকা খৰচ কৰি চাইক্লিঙ কৰাৰ সুবিধা লাভ কৰিব।
ইতিমধ্যে গুৱাহাটীৰ পথত চাইক্লিঙ কৰাৰ সুবিধাৰ্থে প্ৰশাসনে চাইকেল ট্রেকৰো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে।দক্ষিণ গাঁৱত এটা চাইকেল ট্রেক মুকলি কৰাৰ পাছতে জি এম ডি এ চাইকেল চেয়াৰিং সুবিধাৰ বাবে মুঠ ৩ কোটি টকাৰ প্রকল্পটোৰ নিবিদা মুকলি কৰে৷
জানিব পৰা মতে, প্রথম পর্যায়ত এই ব্যৱস্থা গুৱাহাটীৰ অসম অভিযান্ত্রিক প্রতিষ্ঠান, চিৰিয়াখানা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হ’ব৷ প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত ৩০০খন চাইকেল মুকলি কৰি দিয়া হ’ব। ৬০ হাজাৰ টকাৰ প্রতিখন চাইকেলত থাকিব অত্যাধুনিক ব্যৱস্থাৰ লগতে জি পি এছো ৷আগ্রহীসকলে অনলাইন বুকিঙৰ দ্বাৰা চাইকেলসমূহ বুক কৰিব পাৰিব৷
উল্লেখযোগ্য যে এই আঁচনি দুমাহৰ পাছত গুৱাহাটীত মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে৷ বিশ্বৰ উন্নত দেশসমূহৰ লগতে ভাৰতৰো প্রায়বোৰ মহানগৰত এনেদৰে চাইকেল চলোৱাৰ বাবে বিশেষ ব্যৱস্থা আছে যদিও গুৱাহাটীত পোন প্ৰথমবাৰলৈ এই ব্যৱস্থাৰ প্ৰৱৰ্তনৰ কথা চিন্তা কৰা হৈছে। ইতিমধ্যে গুৱাহাটীত ‘পেডেল ফৰ এ চেঞ্জ’, নামৰ সংস্থাটোৱে চাইক্লিঙক জনপ্ৰিয়কৰনৰ ক্ষেত্ৰত নিজাববীয়াকৈ পদক্ষেপ হাতত লৈ আহিছে। ‘বাইকছ’ নামৰ আন্তৰাষ্ট্ৰীয় সংস্থাটোৱে ইতিমধ্যে ‘বাইচাইকেল মেয়ৰ’ নামৰ এটা পদবী সৃষ্টি কৰি গুৱাহাটীত চাইক্লিঙক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। বহু বছৰ ধৰি চৰকাৰী মেৰপেচত আবদ্ধ হৈ থাকি অৱশেষত প্ৰকল্পটোৱে বাস্তৱ ৰূপ পোৱাত সন্তোষ প্ৰকাশ কৰিছে গুৱাহাটীৰ বাইচাইকেল মেয়ৰ আৰ্ছেল আখটাৰে।