Monday, May 16, 2022
HomeNewsচেম্পিয়নচ মে'কাৰ একাডেমীৰ অনলাইন ফিটনেচ চেলেঞ্জ প্ৰতিযোগিতা

চেম্পিয়নচ মে’কাৰ একাডেমীৰ অনলাইন ফিটনেচ চেলেঞ্জ প্ৰতিযোগিতা

olympiasports.in

কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশ এতিয়া স্তব্ধ হৈ পৰিছে। এই মাৰাত্মক ভাইৰাছবিধ যাতে অধিক সংক্ৰমিত নহয় তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্র দেশক ২১ দিনৰ লকডাউন ঘোষণা কৰিছিল। এই লকডাউনৰ সময়চোৱাত’চেম্পিয়নচ মে’কাৰ একাডেমী’য়ে অনুষ্ঠিত কৰিছে এক অনলাইন ফিটনেচ চেলেঞ্জ প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত খেলুৱৈক ক্ৰমে ৫০০০, ৩০০০ আৰু ২০০০ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখনৰ তত্বাৱধানত থাকিব CMA ৰ উপদেষ্টা ভাস্কৰ ৰঞ্জন দাস, NIS প্ৰশিক্ষক দৰ্শনজীতা ভৰালী আৰু CMA ৰ সঞ্চালক তথা আন্তঃৰাষ্ট্ৰীয় সমৰকলাবিদ হৃদয়ানন্দ দাস।

‘চেম্পিয়নচ মে’কাৰ একাডেমী’য়ে লকডাউনৰ সময়চোৱাত ঘৰতে থকি নিজকে অকলশৰে টাইকোৱাণ্ড অনুশীলন ৰ দ্বাৰাই নিজকে কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি, সেই চিন্তাৰেই এই অনলাইন ফিটনেচ চেলেঞ্জ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ২৭ মাৰ্চ ৰ পৰা ১৪ এপ্ৰিলৈকে অনুষ্ঠিতহবলগীয়া এই প্ৰতিযোগিতাত সকলো টাইকোৱাণ্ড খেলুৱৈয়ে ঘৰত বহি বহি এই চেলেঞ্জ গ্ৰহণ কৰিব পাৰিব।

প্ৰতিযোগিতাৰ নিৰ্ধাৰিত চেলেঞ্জ অৰ্থাৎ প্ৰত্যাহ্বান সমূহ হৈছে :

  1. সকলোৱে ঘৰত থাকি নিজৰ এক সুকীয়া টাইকোৱাণ্ড অনুশীলনৰ ভিডিঅ বনাই দিনতো ৰ ভিতৰত নিৰ্দিষ্ট ঠিকনাত প্ৰেৰণ কৰিব লাগিব।
  2. প্ৰতিদিনে আয়োজক সকলে দিব নতুন ফিটনেচ চেলেঞ্জৰ সূচী।

প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ হৈছে :

  • অনুশীলনত কাৰো সহায় লব নোৱাৰিব, সম্পূৰ্ণ সুকীয়া ভিডিঅ’ হব লাগিব।
  • প্ৰতিটো ভিডিঅ’ ৩ মিনিটতকৈ কম আৰু ৫ মিনিটতকৈ বেছি হ’ব নোৱাৰিব।
  • প্ৰতিটো ভিডিঅ’ৰ লগত নিজৰ নাম ঠিকনা সঠিককৈ উল্লেখ কৰিব লাগিব।
  • ভিডিঅ’ বোৰ সম্পাদনা কৰি পঠিয়াব নোৱাৰিব।
  • প্ৰতিযোগীসকলে আয়োজক সকলৰ ফেচবুক পে’জৰ জৰিয়তে নিজৰ ভিডিঅ’বোৰ পঠিয়াব লাগিব।
  • ভিডিঅ’ সমূহ ঘৰৰ বা ঘৰৰ চাৰসীমাৰ ভিতৰৰ হব লাগিব।
  • ভিডিঅ’সমূহ তলত উল্লেখিত হোৱাটচ‌এপ নাম্বাৰসমূহৰ জৰিয়তে পঠিয়াব পাৰিব।
  • 9854412655 9678792696 943510192 863834161
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments