অলিম্পিয়া প্ৰতিবেদন
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সম্ভ্ৰান্ত দুখনকৈ টুৰ্ণামেণ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধুয়ে। এই বৰ্ষৰ অক্টোবৰৰ ৩ ৰ পৰা ১১ লৈ হ’বলগীয়া থমাছ কাপ আৰু উবেৰ কাপত অংশগ্ৰহণ নকৰে ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈগৰাকীয়ে। অৱশ্যে এই প্ৰতিযোগিতা দুখনৰ পিছত অনুষ্ঠিত হ’ব লগা বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনৰ ছুপাৰ ৭৫০ ট্যুৰত অংশগ্ৰহণৰ বাবে এন্ত্ৰী প্ৰেৰণ কৰিব সিন্ধুৱে।
পি ভি সিন্ধুৱে প্ৰতিযোগিতা দুখনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ লগে লগে এতিয়া ভাৰতৰ অংশগ্ৰহণ অনিশ্চিত হৈ পৰিছে। কিয়নো ভাৰতৰ দলটো প্ৰধানকৈ সিন্ধু আৰু ছাইনা নেহৱালৰ ওপৰত নিৰ্ভৰশীল। ২০১৪ আৰু ২০১৬ চনত এই দুগৰাকী প্ৰধান শ্বাটলাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই ভাৰতীয় দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
ইপিনে, ভাৰতৰ বেছিভাগ খেলুৱৈয়ে দীৰ্ঘদিন ধৰি অনুশীলনৰ পৰা আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত প্ৰতিযোগিতাখনলৈ এটা শক্তিশালী দল প্ৰেৰণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ভাৰতীয় বেডমিণ্টন ফেডাৰেচন।
উল্লেখযোগ্য যে উবেৰ কাপত ভাৰতীয় মহিলা দলটো শক্তিশালী প্ৰতিপক্ষ জাৰ্মানী, ফ্ৰান্স আৰু চীনৰ বিপক্ষে গ্ৰুপ পৰ্যায়ৰ খেলসমূহত মুখামুখি হ’ব লাগিব।
বিশ্ব ৰেংকিঙৰ সাত নম্বৰৰ খেলুৱৈ সিন্ধু আঁতৰি অহাৰ লগে লগে এতিয়া ভাৰতৰ প্ৰদৰ্শনৰ সকলো ভাৰ বিশ্ব ক্ৰমৰ ২০ নম্বৰৰ খেলুৱৈ ছাইনা নেহৱালৰ ওপৰত আহি পৰিছে।