অলিম্পিয়া প্ৰতিবেদন
২০১৯ বৰ্ষৰ পবিন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী সোঁৱৰণী বঁটা ঘোষণা কৰা হৈছে। নাৰী সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে ইয়াত এইবাৰ কুঞ্জবালা দেৱী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব দৈনিক অগ্ৰদূত কাকতৰ উপ সম্পাদক কুলপ্ৰদীপ ভাগৱতীক। আনহাতে, সাদিন কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ দিগন্ত শৰ্মাক মানৱ অধিকাৰ সম্পৰ্কীয় অনুসন্ধানমূলক বাতৰিৰ বাবে প্রদান কৰা হব পবিন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা।
পবিন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী স্মাৰক কমিটিয়ে জনোৱা অনুসৰি প্ৰতিটো বঁটাত আছে এখন প্ৰশস্তি পত্ৰ আৰু নগদ ৩০ হেজাৰ টকা। উল্লেখ্য যে মুক্তিযুঁজাৰু তথা জ্যেষ্ঠ অধিবক্তা পবিন্দ্ৰ নাথ শৰ্মা আৰু তেওঁৰ পত্নী কুঞ্জবালা দেৱীৰ সোঁৱৰণত প্ৰতি বছৰে মানৱ অধিকাৰ আৰু নাৰী সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে এই সাংবাদিকতা বঁটা প্ৰদান কৰি অহা হৈছে।