অলিম্পিয়া প্ৰতিবেদন
ভাৰতৰত্নৰ পাছতেই দেশৰ অন্যতম অসামৰিক সন্মান পদ্ম সন্মান ।পদ্ম ভূষণ, পদ্ম বিভূষণ, পদ্মশ্ৰী নামেৰে নামাকৃত এই বঁটা।ৰাষ্টপতি ভৱনত দুটা বৰ্ষৰ বাবে মুঠ ২৬০ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ’ল সন্মানীয় পদ্ম বঁটা।দেশৰ আন আন ক্ষেত্রৰ ব্যক্তিৰ লগতে তাৰকা বক্সাৰ মেৰিকম সহ মুঠ ৭ গৰাকী খেলুৱৈক প্ৰদান কৰা হ’ল পদ্ম বঁটা।
ৰাষ্ট্ৰপতিভৱনত সোমবাৰে অনুষ্ঠিত হয় পদ্ম বঁটা প্ৰদানৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।য’ত উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে আদি কৰি গণ্যমান্য ব্যক্তি সকল।বিগত বৰ্ষৰ ক’ভিড পৰিস্থিতিৰ বাবে ২০২০ আৰু ২০২১
বৰ্ষৰ পদ্ম বঁটাসমূহ এই অনুষ্ঠানতে ২৬০ গৰাকী ব্যক্তক প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে।ইয়াৰে ২০২০ বৰ্ষৰ বাবে ২৪১ গৰাকী আৰু ২০২১ বৰ্ষৰ বাবে ১১৯গৰাকীলৈ আগবঢ়োৱা হ’ল এই সন্মানীয় বঁটা।এইসকল বঁটা প্ৰাপকৰ মাজত আছে ভাৰতৰ ক্ৰীড়াক্ষেত্রৰ জীৱন্ত কিংবদন্তি কেইবাগৰাকীও খেলুৱৈ।
ইয়াৰ ভিতৰত তাৰকা বক্সাৰ মেৰি কমলৈ পদ্ম বিভূষণ আৰু বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুলৈ আগবঢ়োৱা হয় পদ্ম ভূষণৰ সন্মান ।আনহাতে, পদ্মশ্ৰী বটাঁ প্ৰাপক খেলুৱৈসকল হ’ল -হকী খেলুৱৈ ৰাণী ৰামপাল, আৰ্চাৰ তৰুণদ্বীপ ৰায়, মহিলা তাৰকা ফুটবলাৰ ঐনাম বেমবেম দেৱী, শ্বুটাৰ জিতু ৰায়, হকী খেলুৱৈ এম পি গণেশ ইত্যাদি ।দেশৰ ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰি আনন্দিত এইসকল দেশৰ ক্ৰীড়াবিদ ।
এইসকল ক্ৰীড়াবিদৰ ক্ৰীড়াক্ষেত্রলৈ অৱদান সৰ্বজনবিদিত ।দেশৰ কোটি কোটি জনতাই তেওঁলোকক জনাইছে অভিনন্দন ।অনাগত সময়ত এইসকল জীৱন্ত কিংবদন্তিয়ে ক্ৰীড়াক্ষেত্রত নতুন ইতিহাস ৰচি যাওক -তাকেই কৰিছে কামনা।