Tuesday, July 5, 2022
HomeNewsগোৱালপাৰাৰ পদুপাৰাত প্ৰাইজমানি ফুটবল । উদ্বোধনী মেচত গুনিয়ালপাৰা ফুটবল দলৰ জয়লাভ ।

গোৱালপাৰাৰ পদুপাৰাত প্ৰাইজমানি ফুটবল । উদ্বোধনী মেচত গুনিয়ালপাৰা ফুটবল দলৰ জয়লাভ ।

অলিম্পিয়া প্ৰতিবেদন

গোৱালপাৰাত আকৌ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।এইবাৰ গোৱালপাৰা জিলাৰ পদুপাৰাত ফুটবলৰ উন্মাদনা ।পদুপাৰা হাইস্কুল খেলপথাৰত উদ্বোধনী মেচ।ফুটবল প্ৰেমী ৰাইজৰ আকুন্ঠ সঁহাৰি।পি বি চি উদীয়মান যুৱক সংঘৰ উদ্যোগত পদুপাৰা হাইস্কুল খেলপথাৰত দেওবাৰে শুভাৰম্ভণি হ’ল অষ্টম বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ।পদুপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক আবুল হুছেইনে পতাকা উত্তোলন কৰাৰ লগতে কৰিলে প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল আমন্ত্ৰিত অতিথিসকল তথা একাংশ ফুটবলপ্ৰেমী ৰাইজ।উদ্বোধনী মেচত অংশ ল’লে মাছলাম ফুটবল দল আৰু গুনিয়ালপাৰা ফুটবল দলে।তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন নিৰ্ধাৰিত সময়ত ৫-১গলৰ ব্যৱধানত জয়লাভ কৰে গুনিয়ালপাৰা ফুটবল দলে।দৰ্শকৰ বিপুল সঁহাৰিৰ মাজেৰে অন্ত পৰিল পদুপাৰা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী মেচ।


উল্লেখযোগ্য যে, পদুপাৰাৰ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত এই পৰ্যন্ত অংশ লৈছে ৩২টাকৈ দলে।ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় কামনা কৰিছে উদ্যোক্তা সমিতিয়ে ।
অসমত প্ৰতিভাৰ অভাৱ নাই।গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভাক উলিয়াই অনাৰ লগতে নৱ প্ৰজন্মক ফুটবলৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টা পদুপাৰা পি বি চি উদীয়মান যুৱকসকলে।পি বি চি যুৱক সংঘৰ এই প্ৰচেষ্টা সফল হওঁক ।গ্ৰামাঞ্চলৰ পৰা আৰম্ভ হওঁক নৱপ্ৰজন্মৰ ফুটবলাৰৰ যাত্রা।গোৱালপাৰাত ফুটবলৰ এই যাত্রা বিশ্বমুখী হওঁক ।ইয়াকে ক্ৰীড়াপ্ৰেমী ৰাইজে কৰিছে এতিয়া কামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments