Wednesday, August 10, 2022
HomeNewsবিয়াৰ প্ৰতিশ্ৰুতিৰে যুৱতীৰ সৈতে সহবাস; বিপদত পাকিস্তানৰ ক্ৰিকেটাৰ বাবৰ আজম

বিয়াৰ প্ৰতিশ্ৰুতিৰে যুৱতীৰ সৈতে সহবাস; বিপদত পাকিস্তানৰ ক্ৰিকেটাৰ বাবৰ আজম

অলিম্পিয়া প্ৰতিবেদন

নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তানৰ দলটোৰ সমুখত এতিয়া ইটোৰ পিছত সিটোকৈ বিপদে দেখা দিছে। নিউজিলেণ্ডত গৈ উপস্থিত হোৱা পাকিস্তান দলটোৰ ৬ গৰাকীকৈ খেলুৱৈ কৰোনাত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ বিপদত পৰিছে দলটোৰ অধিনায়ক বাবৰ আজম। আজমৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীয়ে আনিছে তেওঁৰ বিৰুদ্ধে এই অভিযোগ। বিয়াৰ প্রতিশ্রুতি দি যুৱতীগৰাকীৰ সৈতে বছৰ বছৰ ধৰি সহবাস কৰি থকা বুলি তাৰকাগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে৷

ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমত অভিযোগ কৰা অনুসৰি ২০১০ চনতে তেওঁক বিবাহৰ প্ৰস্তাৱ দিছিল বাবৰ আজমে। বিয়া হোৱাৰ আশাত যুৱতীগৰাকীয়েও দীৰ্ঘদিন ধৰি ক্ৰিকেটাৰ গৰাকীৰ সৈতে সহবাস কৰি আহিছিল। যুৱতীগৰাকী আনকি ক্ৰিকেটাৰগৰাকীৰ সৈতে আন্তঃসত্বাও হয়। কিন্তু ইয়াৰ পিছতো বিবাহত নমাৰ সলনি তেওঁক অন্তঃসত্বা হোৱাৰ কথা লুকুৱাবলৈহে ভাবুকি প্ৰদান কৰে আজমে।

যুৱতীৰ এনে অভিযোগৰ পিছত এতিয়া পাকিস্তানৰ ক্ৰিকেট মহলত সৰৱ চর্চা চলিছে। ক্ৰিকেটাৰ গৰাকীৰ বিৰুদ্ধে পাকিস্তান ক্ৰিকেট বোৰ্ডে কি সিদ্ধান্ত গ্ৰহণ কৰে তাক লৈ উৎসুক হৈ পৰিছে দেশৰ ক্ৰিকেট অনুৰাগীসকল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments