অলিম্পিয়া প্ৰতিবেদন
সামৰণি পৰিল বিশ্বৰ সবাতোকৈ বৃহৎ ক্ৰীড়া মহোৎসৱ টকিঅ’ অলিম্পিক। টকিঅ’ অলিম্পিকে দি গ’ল এক স্বৰ্ণিল ইতিহাস। বিশ্বৰ সকলো দেশৰ সৈতে শান্তিৰ এনাজৰী ডাল আৰু অধিক কটকীয়া কৰি নিজম পৰিল টকিঅ’। ২০২৪ ৰ পেৰিছ অলিম্পিকত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দেওবাৰে বিদায় ল’লে বিশ্বৰ ক্ৰীড়া প্ৰতিযোগীসকলে। বিদায় ক্ষণত বিশ্বৰ অলিম্পিয়ানসকলে কঢ়িয়াই লৈ গ’ল টকিঅ’ অলিম্পিকৰ ৰোমাঞ্চকৰ অভিজ্ঞতা।
উল্লেখযোগ্য যে, ভাৰতে এইবাৰ অলিম্পিকত ৰচিলে ইতিহাস। সাতোটাকৈ পদক অৰ্জন কৰি ভাৰতক বিশ্ববাসীৰ ওচৰত এক মাত্রা প্ৰদান কৰিলে ভাৰতৰ খেলুৱৈসকলে। পিছে, ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ বাবে সুখকৰ নাছিল এই অলিম্পিক। কাৰণ টকিঅ’ অলিম্পিকত শূণ্যতে সীমাবদ্ধ থাকিল পাকিস্তানৰ খেলুৱৈ।পাকিস্তানী খেলুৱৈ আৰ্শাদ নাদিমে ভাৰতীয় এথলীট নিৰজ চোপ্ৰাৰ সৈতে ফাইনেল
ৰাউণ্ডত প্ৰবেশ কৰিছিল। উল্লেখযোগ্য যে নাদিমেই আছিল প্ৰথম পাকিস্তানী খেলুৱৈ যি পাকিস্তানৰ বাবে ফাইনেলত অৱতীৰ্ণ হৈছিল। পিছে পাকিস্তানী কোটি কোটি জনতাৰ আশাত চেঁচা পানী ঢালিলে নাদিমে। পদক লাভৰ পৰা বঞ্চিত হ’ল নাদিম। ইয়াৰোপৰি পাকিস্তানে তিনি দশক জুৰি কোনো পদকেই লাভ কৰিবলৈ সক্ষম হোৱা নাই। টকিঅ’ অলিম্পিকলৈ যোৱা পাকিস্তানৰ ২২ জনীয়া আছিল ১০ জন খেলুৱৈ আৰু ১২ গৰাকী বিষয়া। পাকিস্তানে প্ৰায় তিনি দশক ধৰি অলিম্পিকত পদকৰ আপেক্ষাত। পিছে এইবাৰো বিফল পাকিস্তানী খেলুৱৈ। বিফল মনোৰথেৰে টকিঅ’ৰ পৰা উভতি যাব লগা হ’ল পাকিস্তানী।কেৱল পাকিস্তানেই নহয়, ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকা, বাংলাদেশ, আৰু নেপালেও অলিম্পিকত এটাও পদক লাভ নকৰিলে। বিফল হ’ল পদকৰ তালিকাত স্থান লাভ কৰিবলৈ।
পিছে ক্ৰীড়া হ’ল শান্তিৰ ক্ৰীড়াংগন। জয়-পৰাজয় ক্ৰীড়াৰ অবিচ্ছেদ্য অংগ। সেই কথাকে সৰোগত কৰি বিশ্বৰ অগণন ক্রীড়াপ্ৰেমীয়ে এতিয়া অপেক্ষা কৰিছে ২০২৪ৰ পেৰিচ অলিম্পিকলৈ।