Thursday, September 29, 2022
HomeNewsপৰাজয়ৰ পিছতেই পাকিস্তানী অধিনায়ক বাবৰৰ সকীয়নী; সতীৰ্থক উদ্দেশ্যি কি ক'লে অধিনায়কগৰাকীয়ে

পৰাজয়ৰ পিছতেই পাকিস্তানী অধিনায়ক বাবৰৰ সকীয়নী; সতীৰ্থক উদ্দেশ্যি কি ক’লে অধিনায়কগৰাকীয়ে

অলিম্পিয়া প্রতিবেদন

টি-টুৱেন্টি বিশ্বকাপৰ পৰা পাকিস্তানৰ বিদায়। অষ্ট্ৰেলিয়াৰ হাতত থমকিল পাকিস্তানৰ বিজয় ৰথ। সমগ্ৰ প্ৰতিযোগিতাতে অপৰাজিত থকাৰ ধাৰা ব্যাহত হ’ল বাবৰ বাহিনীৰ।

বৃহস্পতিবাৰে ডুবাইত অনুষ্ঠিত টি-টুৱেন্টি বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰে অভিযান সামৰিলে পাকিস্তানে। বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচ উইকেটত পৰাজয়বৰণ দলটোৰ। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ সমুখত নিৰ্ধাৰণ কৰি দিছিল ১৭৭ ৰানৰ বিশাল লক্ষ্য। বেটিঙত দলটোৰ হৈ জিলিকি উঠিছিল মহম্মদ ৰিজৱান, ফখৰ জামান আৰু অধিনায়ক বাবৰ আজম। ১৭৭ ৰানৰ লক্ষ্য লৈ ক্ৰিজত নমা অষ্ট্ৰেলিয়া দলটোৰ আৰম্ভণি সুখকৰ নাছিল। দলীয় স্ক’ৰ ১ ৰানতে অষ্ট্ৰেলিয়াই হেৰুৱাইছিল অধিনায়ক ফিন্সৰ উইকেট। ডেভিড ৱাৰ্নাৰে অষ্ট্ৰেলিয়াৰ ইনিংছলৈ কিছু সুস্থিৰতা আনিছিল যদিও ৯৫ ৰানতে ৫ টাকৈ উইকেট হেৰুৱাই পুনৰ বিপদৰ সন্মুখীন হৈছিল দলটো। কিন্তু ষষ্ঠ উইকেটত মাৰ্কাছ ষ্টইনিছ আৰু মেথিঅ’ ৱেইডৰ ৮২ ৰানৰ যুটীয়ে পাকিস্তানৰ আশাত চেঁচাপানী ঢালে। ১ অভাৰ বাকী থাকোঁতেই অষ্ট্ৰেলিয়াই বিজয় সাব্যস্ত কৰি প্ৰৱেশ কৰে টি টুৱেন্টি বিশ্বকাপৰ ফাইনেলত।

এই পৰাজয়ৰ পিছতেই পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ সকীয়নী। দলৰ সতীৰ্থসকলৰ প্ৰতি বিশেষ আহ্বান অধিনায়ক বাবৰৰ। পৰাজয়ৰ বাবে কোনো ব্যক্তি বিশেষক দোষাৰোপ নকৰিবলৈ আহ্বান। এই পৰাজয় দলৰ সামূহিক পৰাজয়। সেই কথা মানি লৈ এতিয়া সমুখলৈ চোৱাৰ সময়। মেচৰ শেষত বাবৰে এনেদৰেই বুজনি দিয়ে সতীৰ্থ খেলুৱৈসকলক।

ইপিনে এই পৰাজয়ৰ পিছতেই দেখা পোৱা গৈছে পাকিস্তানী ক্ৰিকেটপ্ৰেমীৰ হতাশা। বিশ্বকাপৰ ফাইনেলত উপনীত হ’ব নোৱৰাৰ দুখত ম্ৰিয়মান দেশখনৰ ক্ৰিকেট অনুৰাগী। বিশেষকৈ এটা কণমানিৰ প্ৰতিক্ৰিয়া এতিয়া সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সামাজিক মাধ্যমত হতাশ শিশুটোৰ ভিডিঅ’ হৈ পৰিছে ভাইৰেল।

এনেদৰেই এতিয়া বিশ্বকাপৰ পৰা পাকিস্তানৰ প্ৰস্থানে আশাহত কৰা দেখা পোৱা গৈছে দেশখনৰ হাজাৰ ক্ৰিকেট অনুৰাগীক। বিপৰীতে বাবৰ বাহিনী সাজু হৈছে বিশ্বকাপৰ মেটমৰা অভিজ্ঞতা লগত লৈ নিজ দেশ অভিমুখে উৰা মৰাৰ বাবে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments