Friday, September 30, 2022
HomeNewsপাত্ৰী বিচাৰি হাহাকাৰ পাকিস্তানৰ আটাইতকৈ ওখ ক্ৰিকেটাৰগৰাকীৰ

পাত্ৰী বিচাৰি হাহাকাৰ পাকিস্তানৰ আটাইতকৈ ওখ ক্ৰিকেটাৰগৰাকীৰ

অলিম্পিয়া প্রতিবেদন

মহম্মদ ইৰফান। তেওঁ পাকিস্তানৰ বাওঁহতীয়া বেগী বলাৰ। ৩৮ বছৰীয়া বেগী বলাৰগৰাকীৰ উচ্চতা ৭ ফুট ১ ইঞ্চি। ক্ৰিকেটাৰগৰাকীয়ে ইতিমধ্যে ৮৬ আন্তৰ্জাতিক মেচত অংশগ্ৰহণ কৰিছে। পূৰ্বতে এই মহম্মদ ইৰফানৰ নামতেই আছিল পাকিস্তানৰ আটাইতকৈ ওখ ক্ৰিকেটাৰ হোৱাৰ অভিলেখ।

কিন্তু, সম্প্ৰতি মহম্মদ ইৰফানক চেৰ পেলাই আন এগৰাকী ক্ৰিকেটাৰে দেশখনৰ আটাইতকৈ ওখ ক্ৰিকেটাৰ হোৱাৰ অভিলেখ ভংগ কৰিছে। মুদাছশিৰ গুলজাৰ নামৰ এই ক্ৰিকেটাৰগৰাকী সম্প্ৰতি পাকিস্তানৰ আটাইতকৈ ওখ ক্ৰিকেটাৰ হিচাবে চিহ্নিত হৈছে।

পাকিস্তান ছুপাৰ লীগত লাহোৰ কালাণ্ডাৰ্ছৰ হৈ অংশগ্ৰহণ কৰা ২১ বছৰীয়া স্পীনাৰগৰাকীৰ উচ্চতা হৈছে ৭ ফুট ৮ ইঞ্চি। এতিয়া নিজ উচ্চতাক লৈ বিপদত পৰিছে এইগৰাকী উদীয়মান ক্ৰিকেটাৰ। দীৰ্ঘ শাৰীৰিক গঠনৰ বাবে তেওঁ পাত্ৰী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। অস্বাভাৱিক শাৰীৰিক উচ্চতাৰ বাবে নিজৰ উচ্চতাৰ বিবাহযোগ্য প্ৰাৰ্থী বিচাৰি পোৱা নাই এইগৰাকী পাকিস্তানৰ ক্ৰিকেটাৰে। পাকিস্তানৰ শীৰ্ষস্থানীয় সংবাদপত্ৰ ডেইলি পাকিস্তানত দিয়া এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে গুলজাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments