Wednesday, July 6, 2022
HomeNewsভাৰতৰ বাবে প্ৰাৰ্থনা চিৰবৈৰী পাকিস্তানৰ; ক্ৰিকেটাৰে বিলাইছে ঐক্যৰ বাৰ্তা

ভাৰতৰ বাবে প্ৰাৰ্থনা চিৰবৈৰী পাকিস্তানৰ; ক্ৰিকেটাৰে বিলাইছে ঐক্যৰ বাৰ্তা

অলিম্পিয়া প্রতিবেদন

ৰাজনীতিত চিৰশত্ৰু। বহুবাৰ ৰক্তক্ষয়ী যুঁজতো অৱতীৰ্ণ হৈছে দুয়োখন দেশ। ৰাজনীতি-কূটনীতিৰ ময়দানৰ শত্ৰুতা আনকি দেখা পোৱা যায় ক্ৰিকেটৰ পথাৰতো। ৰাজনৈতিক মেৰপেচত অধিক তিক্ত হৈ পৰা ভাৰত পাকিস্তানৰ সম্পৰ্কৰ কথাই কৈছোঁ।

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত বিপৰীত মেৰুত অৱস্থান কৰিলেও এই মুহূৰ্তত অৱশ্যে চিৰবৈৰী পাকিস্তান ভাৰতৰ কাষত থিয় দিছে। ভাৰতত সম্প্ৰতি দেখা দিয়া ক’ভিডসৃষ্ট ভয়াৱহতাৰ সময়ত দেশখনে ভাৰতক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতলৈ সহায়ৰ হাত আগবঢ়াই ঘোষণা কৰিছে যে ভাৰতে ইচ্ছা কৰিলে পাকিস্তানে সৰ্বতোপ্ৰকাৰৰ সহায় আগবঢ়াব দেশখনলৈ। ইপিনে, সৰ্বসাধাৰণ পাকিস্তানী নাগৰিকেও এই সময়ত ভাৰতৰ হৈ প্ৰাৰ্থনা কৰিছে। দেশখনত টুইটাৰৰ ট্রেণ্ডিঙত প্ৰতিধ্বনিত হৈছে পাকিস্তানী শুভ ইচ্ছা। India needs oxygen, covid india, Indian lives matter আদি হেছটেগৰে ভৰি পৰিছে পাকিস্তানৰ সামাজিক মাধ্যম। তাৰ মাজতে ইজনৰ পিছত সিজনকৈ পাকিস্তানী ক্ৰিকেটাৰে ভাৰতৰ বাবে প্ৰাৰ্থনা কৰিছে।

সৌ সিদিনা পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰ আৰু ছোৱেইব মালিকে সকলো পাকিস্তানীকে ভাৰতৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে নিজৰ সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল। ক্ৰিকেটাৰদ্বয়ে এই কঠিন সময়ত ভাৰতৰ কাষত থিয় দিয়াৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতেই এতিয়া পাকিস্তানৰ জনপ্ৰিয় ক্ৰিকেটাৰ বাবৰ আজমেও সামাজিক মাধ্যমৰ জৰিয়তে ভাৰতৰ এই বিপৰ্যয়ৰ সময়ত দেশখনৰ বাবে প্ৰাৰ্থনা কৰিছে। বাবৰে টুইটাৰত ডুবাইৰ সু উচ্চ অট্টালিকা বুৰ্জ খালিফাৰ এখন ফটো শ্বেয়াৰ কৰিছে য’ত লিখা গৈছে stay strong india। বাবৰে বুৰ্জ খালিফাৰ সেই ফটো শ্বেয়াৰ কৰি উল্লেখ কৰিছে যে, ‘বিপৰ্যয়ৰ এই সময়ছোৱাত ভাৰতৰ জনগণৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। এই সময় এক হোৱাৰ। এক হৈ প্ৰাৰ্থনা কৰাৰ।’ বাবৰে কেৱল প্রাৰ্থনাই কৰা নাই। সকলোকে ক’ভিড নীতি মানি চলাৰ আহ্বানো জনাইছে তেওঁ।

উল্লেখযোগ্য যে, বাবৰ আজম পাকিস্তানৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম। তেওঁক প্ৰায়েই ভাৰতৰ বিৰাট কোহলিৰ সৈতে তুলনা কৰা হয়। অৱশ্যে, আজমৰ প্ৰতিভাক কোনো কাৰণতেই নুই কৰিব নোৱাৰি। বৰ্তমান সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম তেওঁ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments