Tuesday, October 4, 2022
HomeNewsঅসম টাং চু-ডু চেম্পিয়নশ্বিপত পাণ্ডুৰ সাফল্য

অসম টাং চু-ডু চেম্পিয়নশ্বিপত পাণ্ডুৰ সাফল্য

অলিম্পিয়া প্রতিবেদন

আই. টি. এফ. টাং চু-ডু স্পৰ্ট এছোচিয়েছন অৱ আছামে যোৱা ১০ জুনত আয়োজন কৰিছিল ২য় অল আছাম টাংচু-ডু ভাৰ্চুৱেল চেম্পিয়নশ্বিপ ২০২১। এই প্রতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় এশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাখনত পাণ্ডুৰ মাশাকীও চেল্ফ ডিফেঞ্চ একাডেমীয়ে ৫ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ৰাজ্যিক সমৰকলা প্ৰতিযোগিতাত পাণ্ডুৰ এয়া প্ৰথমটো বৃহৎ সাফল্য।

দলটোৰ উমানন্দ খিপৰি, মিনাক্ষী সিংহা, শ্ৰদ্ধা ভৌমিক, মানশী সিংহা আৰু পবন দাসে স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে ৰূপৰ পদক লাভ কৰিছে ক্ৰমে মৈত্ৰী ভৌমিক, ইচিকা দাস আৰু ৰাজবিৰ সিংহাই । আয়ুস সিংহা আৰু ঋত্বিক দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাত লাভ কৰা এনে সাফল্যই পৰিয়ালবৰ্গ তথা অঞ্চলবাসীৰ মাজত আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments