Tuesday, October 4, 2022
HomeNewsগুৰু-শিষ্যৰ এক সুমধুৰ সম্পৰ্ক :বিদায়পৰত প্ৰশিক্ষকৰ চৰণ চুই সেৱা জনাইছে কণ কণ...

গুৰু-শিষ্যৰ এক সুমধুৰ সম্পৰ্ক :বিদায়পৰত প্ৰশিক্ষকৰ চৰণ চুই সেৱা জনাইছে কণ কণ খেলুৱৈয়ে

✍️ নাজিৰাৰ পৰা হিৰকজ্যোতি শইকীয়াৰ প্ৰতিবেদন

গুৰু -শিষ্যৰ সম্পৰ্কৰ এক সুমধুৰ দৃশ্য । প্ৰশিক্ষকক চৰণ চুই সেৱা জনাইছে এজাক কণ কণ খেলুৱৈয়ে। বিদায়পৰত সম্বৰ্ধনাৰে উপচাই পেলাইছে দুগৰাকী প্ৰশিক্ষকক।

বিগত মাহৰ সাত জানুৱাৰীৰ পৰা নাজিৰা মহকুমাৰ পানীবিল দৰিকা নগৰ খেলপথাৰত ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰায় এমাহজুৰি অঞ্চলটোৰ কণ কণ খেলুৱৈসকলে গ্ৰহণ কৰিলে ফুটবল আৰু এথলেটিকছৰ আদিপাঠ । আঞ্চলিক ক্ৰীড়া সন্থা, পানীবিলৰ উদ্যোগত প্ৰায় ৮০ গৰাকী আৰু নাজিৰা এথলেটিকছ সন্থাৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ দুগৰাকী প্ৰশিক্ষকে এই প্ৰশিক্ষণ আগবঢ়ায় ৷ এমাহৰ অন্তত দ প্ৰশিক্ষক দুজনক আনুষ্ঠানিকভাৱে বিদায় জনাবৰ বাবে দেওবাৰে আয়োজন কৰিলে এক সুন্দৰ অনুষ্ঠান । গামোচা, জাপিয়ে সম্ভাষণ জনালে অৰুণাচল আৰু ত্রিপুৰাৰ প্ৰশিক্ষকদ্বয়ক। তেওঁলোকৰ প্ৰশিক্ষণত আকৃষ্ট হৈ কণমাণি খেলুৱৈ সকলে চৰণ চুই কৰিলে সেৱা।
প্ৰশিক্ষক দুজনৰ প্ৰশিক্ষণ শৈলীক লৈ আশাবাদী পানীবিল ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰণৱ বুঢ়াগোঁহাই ।প্ৰশিক্ষকদ্বয়ে ,খেলৰ প্ৰতি কণ কণ খেলুৱৈসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে পানীবিল ক্ৰীড়া সন্থাৰ সম্পাদক জনে।

ইফালে, অৰুণাচলৰ ফুটবল প্ৰশিক্ষক গৰাকীকেও পানীবিল দৰিকা নগৰৰ খেলপথাৰত প্ৰশিক্ষণ আগবঢ়ায় সুন্দৰ অভিজ্ঞতা লাভ কৰে বুলি মন্তব্য কৰে।

সেইদৰে , পানীবিল দৰিকা নগৰত এক সুন্দৰ ক্ৰীড়াৰ পৰিবেশে বিৰাজ কৰিছে বুলি মত আগবঢ়াই ত্রিপুৰাৰ পৰা অহা এথলেটিকছ প্ৰশিক্ষক গৰাকীয়ে।

উল্লেখযোগ্য যে,দেওবাৰে দৰিকা নগৰ খেলপথাৰত দুয়োজন প্ৰশিক্ষকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ডা° প্ৰদ্যুত কোঁৱৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ।
ইয়াত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক গোপাল গগৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ৷

আজি শিশু ,কাইলৈ দেশৰ ভৱিষ্যত । ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰশিক্ষণে নতুন প্ৰতিভাসমূহক ক্ৰীড়াঙ্গনত আগবঢ়াই নিব। হয়তো এদিন স্ব-প্ৰতিভাৰে উজলি উঠি এই সকল কণ কণ খেলুৱৈয়ে গৌৰৱান্বিত কৰিব দেশমাতৃৰ লগতে শিৱসাগৰ বাসীক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments