Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত সদৌ অসম পাঞ্জা প্ৰতিযোগিতা

গুৱাহাটীত সদৌ অসম পাঞ্জা প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

অহা ২৭ মার্চ দেওবাৰে পাঞ্জা সন্থা, অসমৰ উদ্যোগত গুৱাহাটীৰ
দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত ৪৪ সংখ্যক সদৌ অসম পাঞ্জা প্রতিযােগিতা অনুস্থিত হ’ব । উক্ত প্রতিযােগিতা উপলক্ষে পুৱা ১০ বজাত অনুস্থিত হ’বলগীয়া উদ্বোধনী সভাত জল সম্পদ মন্ত্রী পীযুষ হাজৰিকা মুখ্য অতিথি আৰু সন্ধিয়া সামৰণি অনুস্থানত ক্রীড়া আৰু যুৱকল্যাণ মন্ত্রী বিমল বড়া মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বুলি পাঞ্জা সন্থা অসমৰ সাধাৰণ সম্পাদক প্রাণ প্রতিম চলিহাই জনাইছে ।
পাঞ্জা সন্থা, অসমৰ পঞ্জীয়নভুক্ত সমূহ খেলুৱৈক সিদিনা পুৱা ৭.০০ বজাত উপস্থিত হৈ নিজৰ নাম অন্তভূক্ত কৰিব পৰাকৈ পঞ্জীয়ন পত্র সংগ্রহ কৰিবলৈ অনুৰােধ জনোৱা হৈছে । অসম চৰকাৰৰ কোভিদ ১৯ ৰ নিয়ম অনুসৰি সকলােৰে লগত
দুয়ােপালি ভেকচিন লােৱাৰ প্রমাণ পত্ৰ আৰু মাস্ক লগত লৈ আহিবলৈ অনুৰােধ কৰা হ’ল । অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ২০০ ৰো অধিক খেলুৱৈয়ে ভাগ ল’ব লগীয়া এই প্ৰতিযোগিতাখনত সকলাে ক্রীড়াপ্রেমী আৰু শুভাকাংশীৰ উপস্থিতি পাঞ্জা সন্থা, অসমে কামনা কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments