Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত ৰাজ্যিক পাঞ্জা

গুৱাহাটীত ৰাজ্যিক পাঞ্জা

অলিম্পিয়া প্ৰতিবেদন

দেওবাৰে গুৱাহাটীত ৰাজ্যিক পাঞ্জা ।
ৰাজ্যৰ বিভিন্ন জিলাৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ । পাঞ্জা সন্থা অসমৰ উদ্যোগ গ্ৰহণ । ৪৪ সংখ্যক আন্তঃজিলা এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচিত হ’ল সমাগত ৰাষ্ট্ৰীয় পাঞ্জালৈ অসম দল । হায়দৰাবাদত অহা ৩১ মেৰ পৰা ৫ জুনলৈ অনুষ্ঠিত হ’ব ৪৪ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপ । গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত উখল-মাখল পৰিবেশ । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিল মন্ত্ৰী পীযুষ হাজৰিকা । পুৰুষ শাখাত সিদ্ধাৰ্থ মালাকাৰ আৰু মহিলা শাখাত চেতনা শৰ্মাৰ চেম্পিয়ন অৱ দ্য চেম্পিয়নছ খিতাপ দখল । প্ৰতিযোগিতা সম্পৰ্কত পাঞ্জা সন্থা, অসমৰ সম্পাদক প্ৰাণপ্ৰতিম চলিহাই মন্তব্য কৰিছে ।

এই প্ৰতিযোগিতাৰ মান পূৰ্বৰ তুলনাত উন্নত হৈছে । বহু খেলুৱৈয়ে সোঁহাত আৰু বাওঁহাতৰ শক্তি প্ৰদৰ্শন কৰে । পাঞ্জা সন্থা, অসমৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাই সাৰুৱা ভাষণ দিয়ে । প্ৰসংগ ক্ৰমে তেওঁ ৰাজ্যত ক্ৰীড়াৰ পৰিৱেশ অচিৰেই সলনি হ’ব বুলি উল্লেখ কৰে । বৰ্তমান চৰকাৰৰ দিনত বহু কেইখন উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ পথত বহুখিনি কাম আগবঢ়া বুলি কয় । পাঞ্জা সন্থা, অসমৰ নতুন সভাপতি তথা যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই নিজৰ মনোভাৱ ব্যক্ত কৰিছে ।

ক্ৰীড়া প্ৰেমীৰ আশা -ৰাজ্যখনৰ স্কুল- কলেজত পাঞ্জাৰ বহুল প্ৰচলন হওক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments