Wednesday, October 5, 2022
HomeNewsচতুৰ্থ তিনিচুকীয়া জিলা আমন্ত্রমূলক পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ প্ৰস্তুতি তুংগত

চতুৰ্থ তিনিচুকীয়া জিলা আমন্ত্রমূলক পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ প্ৰস্তুতি তুংগত

অলিম্পিয়া প্ৰতিবেদন

চতুৰ্থ তিনিচুকীয়া জিলা আমন্ত্রণমূলক পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ প্ৰস্তুতি তুংগত । ২০০ প্ৰতিযোগীৰ অংশগ্ৰহণৰ সম্ভাৱনা । সাজু পেঞ্চাক চিলাটৰ খেলুৱৈ ।

অহা ৯ আৰু ১০ এপ্ৰিলত তিনিচুকীয়াৰ বালুগদাস্থিত ভৱতী ভগৱান ডি এন বি শিক্ষা নিকেতনত অনুষ্ঠিত হ’ব চতুৰ্থ তিনিচুকীয়া জিলা পেঞ্চাক চিলাট আমন্ত্রমূলক প্ৰতিযোগিতা । এই কথা মংগলবাৰে হোটেল গোপালাত আয়োজিত সংবাদমেলৰ জৰিয়তে উদ্যোক্তাৰ হৈ জনালে তিনিচুকীয়া জিলা পেঞ্চাক চিলাট সন্থাই । প্ৰতিযোগিতাখন আমন্ত্রমূলক হোৱাৰ হেতু তিনিচুকীয়াৰ উপৰি যোৰহাট,গোলাঘাট, কামৰূপ আৰু ডিব্ৰুগড় জিলাৰ প্ৰতিযোগীয়ে অংশ ল’ব এই প্ৰতিযোগিতাত । প্ৰায় ২০০ প্ৰতিযোগীৰ সমাবেশ ঘটিব বুলি আশা কৰিছে উদ্যোক্তাই ।

উল্লেখযোগ্য যে, মংগলবাৰে অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকিল তিনিচুকীয়া জিলা পেঞ্চাক চিলাটৰ সচিব মনোজ শ্বাহ, মুখ্য উপদেষ্টা আৰতি শৰ্মা, উপদেষ্টা দিলীপ শইকীয়া, সদস্য বিজয় সিং, মুকেশ্বৰ দাস, ভৱতী ভগৱান ডি এন বি শিক্ষা নিকেতনৰ প্ৰধান শিক্ষক ৰাঘৱ প্ৰসাদ ৰায়, অমেগা ইংৰাজী একাডেমী বিদ্যালয়ৰ প্ৰধান শিক্ষক বিকাশ ছেত্রী।

ক্ৰীড়া অনুৰাগীৰ আশা — আমন্ত্রণমূলক পেঞ্চাক চিলাটত খেলুৱেসকলে দাঙি ধৰক উন্নত প্ৰদৰ্শন । পদক লাভেৰে এনে প্ৰতিযোগিতাৰ পৰাই ক্ৰীড়াঙ্গনত আৰোহণ কৰক সফলতাৰ উচ্চ শিখৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments