অলিম্পিয়া প্ৰতিবেদন
কলেজত সমৰকলাৰ সজাগতা সভা । ছাত্র-ছাত্রী, শিক্ষকৰ অংশগ্ৰহণ । অতি শীঘ্ৰেই পেঞ্চাক চিলাটৰ প্ৰশিক্ষণ আৰম্ভ কৰিব এছ বি দেওৰা কলেজৰ ছাত্র-ছাত্রীয়ে ।
বৰ্তমান সময়ত পাঠ্যক্ৰমৰ লগতে সমৰকলাৰ শিক্ষাৰ প্ৰয়োজনীয়তাও আহি পৰিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম পেঞ্চাক চিলাট এছ’চিয়েচনৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন শিক্ষানুষ্ঠানত ছাত্র-ছাত্রীসকলক প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে । এইবাৰ গুৱাহাটী উলুবাৰীৰ এছ বি দেওৰা কলেজত সমৰ কলা প্ৰশিক্ষণৰ বাবে মন মেলিছে অসম পেঞ্চাক চিলাট এছ’ছিয়েচনে । ইয়াৰ অংশ হিচাপে শুক্ৰবাৰে এছ বি দেওৰা কলেজৰ মহিলা কোষৰ উদ্যোগত আৰু অসম পেঞ্চাক চিলাট এছ’চিয়েচনৰ সহযোগত অনুষ্ঠিত হয় এখন সমৰকলা সজাগতা সভা । ইয়াত অংশ ললে কলেজখনৰ বহু ছাত্র-ছাত্রী তথা প্ৰবক্তাসকলে । শিক্ষানুষ্ঠানত সমৰকলাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ ৰাখিলে অসম পেঞ্চাক চিলাট এছ’ছিয়েচনৰ বিষয়-ববীয়াই । আগন্তুক তিনি মাহৰ ভিতৰত এছ বি দেওৰা কলেজত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে কলেজখনৰ উপাধ্যক্ষ ড০ নৱনিতা ভূঞাই
।
কলেজত সমৰকলাৰ প্ৰশিক্ষণে নতুন দিশ উন্মোচন কৰিব বুলি আশাবাদী প্ৰবক্তা গীতালী দাস । আনহাতে, এই সজাগতা সভাত মুখ্য অতিথি ৰূপে উপস্থিত থকা অলিম্পিয়া স্পৰ্টছৰ কনছালটিং এডিটৰ উদয় বৰগোঁহাইৰ কৰ্ম উদ্যমক শলাগিলে প্ৰবক্তা গৰাকীয়ে ।
সমৰকলা প্ৰশিক্ষণে ছাত্র-ছাত্রী সকলক অনাগত দিনত কিদৰে সহায় কৰিব সেই কথা বহলভাৱে ব্যাখ্যা কৰিলে বৰপেটা পেঞ্চাক চিলাট এছ’ছিয়েচনৰ সাধাৰণ সম্পাদক ডা০ মেহবুব ৰহমানে ।
পেঞ্চাক চিলাটৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আগ্ৰহী এছ বি দেওৰা কলেজৰ ছাত্র-ছাত্রী । এনে সজাগতা সভাত উপস্থিত থাকি আনন্দিত সভাখনিৰ ছাত্রী উদ্যোক্তা তথা ৰাষ্ট্ৰীয় খেলুৱৈ হেপ্পী দেউৰী ।
উল্লেখযোগ্য যে, এই সজাগতা সভাত উপস্থিত থাকিল অসম পেঞ্চাক চিলাট এছ’ছিয়েচনৰ স্বপন দৈমাৰী, মুখ্য প্ৰশিক্ষক এলবিনষ্টন মাৰাক, কামৰূপ মেট্ৰ পেঞ্চাক চিলাটৰ সম্পাদক চৈফুৰ ৰহমান, তিতাবৰ পেঞ্চাক চিলাটৰ সম্পাদক চিন্ময়ী ৰাজখোৱাকে আদি কৰি বিভিন্ন ব্যক্তিসকল ।সকলো অতিথিক গামোচাৰে সম্ভাষণ জনালে কলেজৰ ছাত্র-ছাত্রীসকলে ।
ক্ৰীড়া অনুৰাগীৰ আশা–সমৰকলা প্ৰশিক্ষণ গ্ৰহণৰে শক্তিশালী হৈ উঠক শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীসকল ।ক্ৰীড়াঙ্গনত জিলিকি উঠক এছ বি দেওৰা কলেজ । উল্লেখ্য যে হঠাৎ অসুস্থ হোৱাৰ বাবে কলেজৰ অধ্যক্ষ ড০ ধৰ্মেন্দ্ৰ নাথ সভাত উপস্থিত থাকিব নোৱাৰিলে ।