ইটালীক ১৯৮২ চনৰ বিশ্বকাপ বিজয়ৰ সোৱাদ দিয়া Paolo Rossi আৰু নাই। ১৯৮২ চনৰ স্পেইন বিশ্বকাপত নিজৰ অনবদ্য প্ৰদৰ্শনেৰে ইটালীক বিশ্বজয়ৰ সোৱাদ দিছিল এইগৰাকী Paolo Rossi য়ে। প্ৰতিযোগিতাখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে Paolo য়ে লাভ কৰিছিল গ’ল্ডেন বুট আৰু গ’ল্ডেন বল। মুঠ ৬ টা গ’লেৰে প্ৰতিযোগিতাখনত সৰ্বাধিক গ’ল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল তেওঁ। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত জাৰ্মানীক ৩-১ ত পৰাস্ত কৰা ইটালীৰ হৈ Paolo য়েও দিছিল এটা গ’ল।
আনহাতে এইগৰাকী ফুটবলাৰে এবাৰ ইউৰিপিয় কাপ, এবাৰ কোপা ইটালীয়া আৰু দুবা Serie-A ৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল। ১৯৮০ ৰ দশকত তেওঁ বিশ্বৰ আটাইতকৈ বেছি পাৰিশ্ৰমিক লোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
কেৰিয়াৰত তেওঁ ১৯৮২ চনত ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ বাবে বেলন’ ডিঅ’ৰ লাভ কৰিছিল। আনহাতে ইটালীৰ হৈ বিশ্বকাপত ৯ টা গ’ল কৰি বিশ্বকাপত সৰ্বাধিক গ’ল কৰা খেলুৱৈ লৈ পৰিগণিত হৈছিল Paolo Rossi । ইয়াৰ উপৰিও ১৯৭৭ চনৰ পৰা ১৯৮৬ চনলৈ ইটালীৰ হৈ তেওঁ ২০ টা আন্তঃৰাষ্ট্ৰীয় গ’ল কৰাৰ লগতে ১৯৭৩ ৰ পৰা ১৯৮৭ লৈ বিভিন্ন ক্লাবৰ হৈ ২৫১খন মেচ খেলি ১০৩টা গ’ল কৰিবলৈ সক্ষম হৈছিল।