Friday, September 30, 2022
HomeNewsৰাষ্ট্ৰীয় পেৰা বচ্চিয়াত অসমৰ তিনিটা পদক

ৰাষ্ট্ৰীয় পেৰা বচ্চিয়াত অসমৰ তিনিটা পদক

অলিম্পিয়া প্ৰতিবেদন

পাঞ্জাবত পেৰা খেলুৱৈয়ে উৰুৱালে অসমৰ বিজয়ধ্বজা । ৰাষ্ট্ৰীয় পেৰা বচ্চিয়াত অসমৰ সাফল্য । অসমে আঁজুৰি আনিলে তিনিটাকৈ পদক ।

বিগত ১৭ ৰ পৰা ২১ মাৰ্চলৈ পঞ্জাবত অনুষ্ঠিত হৈছিল ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় পেৰা বচ্চিয়া চেম্পিয়নশ্বিপ । পোন প্ৰথমবাৰৰ বাবে অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত অংশ ললে অসমৰ পেৰা বচ্চিয়াৰ দলে । প্ৰথম খোজতেই বিৰাট সাফল্য অৰ্জন অসমৰ । বিভিন্ন ৰাজ্যৰ খেলুৱৈৰ মাজত দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকিল অসমৰ পেৰা বচ্চিয়াৰ দল । বিচি- ২ শাখাত স্বৰ্ণপদক দখল কৰিলে সৌৰভ ঠাকুৰে । সেইদৰে বিচি-৩ শাখাত ৰিতু দাসে ৰূপ আৰু বিচি-৩ শাখাত পূজা অধিকাৰীয়ে ব্ৰঞ্জ অৰ্জনেৰে গৌৰৱান্বিত কৰিলে অসমক । পদক লাভ কৰি অসমৰ পেৰা খেলুৱৈৰসকলৰ মুখত বিৰিঙিল বিজয়ীৰ হাঁহি ।
উল্লেখযোগ্য যে, যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত কিছু দিনৰ আগতে পাণ্ডুৰ উদয়াচলত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পেৰা বচ্চিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছিল । ইয়াতে প্ৰশিক্ষক মোহন ঘোষৰ নেতৃত্বত অসমৰ পেৰা বচ্চিয়াৰ দলটোৱে বচ্চিয়াৰ আদিপাঠ গ্ৰহণ কৰিছিল । এই প্ৰশিক্ষণ কেন্দ্ৰটো জন্ম দিয়াত সহায় কৰিছে অসম পেৰালিম্পিক সন্থাৰ চীফ পেট্ৰন ৰিণিকি ভূঞা শৰ্মাই । অসমৰ পেৰা খেলুৱৈক আগুৱাই নিবলৈ আগ্ৰহী তেওঁ । ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোৱাৰ প্ৰাকমুহুৰ্ততো অসম পেৰালিম্পিক সন্থাৰ কাৰ্যালয়ত ৰিণিকি ভূঞা শৰ্মাই পেৰা খেলুৱৈক সাক্ষাৎ কৰি কৰিছিল উৎসাহিত ।

অসম পেৰালিম্পিক সন্থাই পেৰা বচ্চিয়া খেলুৱৈক লৈ যি সপোন দেখিছিল সেয়া এক প্ৰকাৰ সফল হৈছে । অতি কম দিনতে খেলুৱৈসকলক অসমৰ বাবে নতুন খেলবিধত প্ৰস্তুত কৰি তোলাটো সঁচাকৈ প্ৰশংসনীয় । পেৰা বচ্চিয়া দলৰ এই সাফল্যত উৎফুল্লিত অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে । পদকপ্ৰাপ্ত দলটোক সম্পাদকজনে জনাইছে শুভেচ্ছা ।

ক্ৰীড়া অনুৰাগীৰ আশা — অনাগত দিনতো আন্তৰ্জাতিক পৰ্যায়ত
এনেদৰে জিলিকি উঠক অসমৰ খেলুৱৈ । পেৰা বচ্চিয়াৰ দৰে পেৰালিম্পিক ইভেন্টত অসমৰ খেলুৱৈৰ দুৰ্দান্ত প্ৰদৰ্শনৰে সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰক ।

নিউজ ডেক্স ৰিপৰ্ট অলিম্পিয়া স্পৰ্টছ

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments