Tuesday, October 4, 2022
HomeNewsমুখ্যমন্ত্ৰীৰ কন্যা সুকন্যাই উদ্বোধন কৰিলে পেৰা বচ্চিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ

মুখ্যমন্ত্ৰীৰ কন্যা সুকন্যাই উদ্বোধন কৰিলে পেৰা বচ্চিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ

খেল খেলাত ব্যস্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যা সুকন্যা । তেওঁৰ প্ৰতিদ্বন্দী খোদ মাতৃ ৰিণিকী ভূঞা শৰ্মা । দৰ্শকৰ হৰ্ষ উল্লাসৰ মাজত পেৰা বচ্চিয়া গেমছৰ সোৱাদ লৈছে দুয়োয়ে ।

এই দৃশ্য বৃহস্পতিবাৰৰ । গুৱাহাটীৰ পাণ্ডুৰ কাষৰ উদয়াচলত মুকলি কৰা হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো পেৰা বচ্চিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ । উন্মোচন অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা । প্ৰশিক্ষণ কেন্দ্ৰটোৰ ফিটা কাটিলে সুকন্যা শৰ্মাই । যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু অসম পেৰালিম্পিক সন্থাৰ সহযোগত পাণ্ডুৰ উদয়াচলত মুকলি কৰা হ’ল এই প্ৰশিক্ষণ কেন্দ্ৰটো । উল্লেখযোগ্য যে, বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ বাবে পেৰালিম্পিকৰ স্বীকৃতিপ্ৰাপ্ত এই পেৰা বচ্চিয়া খেলবিধ প্ৰচলন কৰা হৈছে । কিন্তু অসমত বা উত্তৰ পূৰ্বাঞ্চলত এই খেলবিধৰ নাছিল জনপ্ৰিয়তা । ২০১৬ বৰ্ষতে পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াই ভাৰতত পেৰা বচ্চিয়া খেলবিধ আৰম্ভ কৰিছিল । অসমত সম্ভাৱনাপূৰ্ণ পেৰা খেলুৱৈসকলক এই খেলবিধৰ জৰিয়তে বিশ্ব দৰবাৰলৈ আগুৱাই নিবলৈ প্ৰয়াস কৰিছে যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্ট তথা অসম পেৰালিম্পিক সন্থাই ।
প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰি ৰিণিকী ভূঞা শৰ্মা আৰু সুকন্যা শৰ্মাই পেৰা বচ্চিয়াৰ ললে আমেজ । লগতে কেইবাজনো পেৰা খেলুৱৈয়ে খেলিলে এই খেল । উপযুক্ত প্ৰশিক্ষণেৰে পেৰা খেলুৱৈসকলক প্ৰস্তুত কৰি পঞ্জাৱত অনুষ্ঠিত হ’ব লগা আগন্তুক ৰাষ্ট্ৰীয় পেৰা বচ্চিয়া চেম্পিয়নশ্বিপলৈ অসম দল পঠোৱাৰ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰে ৰিণিকী ভূঞা শৰ্মাই ।

প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন হোৱাৰ পাছতেই আনন্দিত হৈ পৰিছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে । প্ৰথম পৰ্য্যায়ত ১৬ গৰাকী পেৰা খেলুৱৈক প্ৰদান কৰা হব প্ৰশিক্ষণ ।
বিশ্বৰ সৰ্ব বৃহৎ পেৰা গেমছ পেৰালিম্পিকতো অসমৰ খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰাৰ লক্ষ্য বান্ধি লৈছে অসম পেৰালিম্পিক সন্থাই ।

এই বিশেষ খেলবিধক শিকোৱাৰ দায়িত্বত আছে প্ৰশিক্ষক মোহন ঘোষ, লগতে প্ৰশিক্ষক হিচাপে থাকিব অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে । অসমৰ পেৰা খেলুৱৈসকলক উপযুক্তভাৱে প্ৰস্তুত কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোহন ঘোষ ।

পেৰা বচ্চিয়া খেল বিধ খেলি আনন্দিত সুকন্যা শৰ্মা । খেলুৱৈসকলক লৈ বহু আশাবাদী মুখ্যমন্ত্ৰীৰ কন্যা গৰাকী ।

ক্ৰীড়া অনুৰাগীৰ আশা — অসমত পেৰা বচ্চিয়াই জনপ্ৰিয়তা লাভ কৰক । প্ৰতিভাধৰ খেলুৱৈসকলে এই খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম গৌৰৱান্বিত কৰক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments