Thursday, July 7, 2022
HomeNewsপাৰ্থিৱ পেটেলৰ অৱসৰ!

পাৰ্থিৱ পেটেলৰ অৱসৰ!

অলিম্পিয়া প্ৰতিবেদন

১৮ বছৰীয়া কেৰিয়াৰৰ অৱসান ঘটাই উইকেটকীপাৰ বেটছমেন পাৰ্থিৱ পেটেলে আজি ঘোষণা কৰিলে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা।

২০০২ চনত ইংলেণ্ডৰ বিৰুদ্ধে কেৱল ১৭ বছৰ বয়সত ভাৰতীয় দলৰ হৈ অভিষেক ঘটিছিল পাৰ্থিৱ পেটেলৰ। দেশৰ হৈ ২৫খন টেষ্টত তেওঁ ৩১.১৩ গড়ে ৯৩৪ ৰান কৰে। ৩৮খন এদিনীয়াত তেওঁ সংগ্ৰহ কৰে ৭৩৬ ৰান। ভাৰতৰ হৈ দুখন টি-২০ মেচতো অংশগ্ৰহণ কৰিছিল তেওঁ। ১৯৪ খন প্ৰথম শ্ৰেণীৰ মেচত তেওঁ ১১,০০০ ৰো অধিক ৰান সংগ্ৰহ কৰে। নিজৰ ক্ৰিকেট কেৰিয়াৰত তেওঁ সৰ্বমুঠ ২০৪খন টি-২০ মেচ খেলি ২৩টা অৰ্ধশতকৰ সহায়ত ৪,৩০০ ৰান সংগ্ৰহ কৰিছিল।

ক্ৰিকেটাৰগৰাকীয়ে অন্তিমবাৰৰ বাবে ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জোহান্সবাৰ্গত দেশৰ হৈ টেষ্ট মেচত অংশ লৈছিল।

আজি টুইটাৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ সামৰাৰ কথা উল্লেখ কৰি বিচিচিআই, গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ লগতে তেওঁৰ শুভাকাংশীসকলক ধন্যবাদ জ্ঞাপন কৰে।

আই পি এলতো পেটেলে বহুকেইটা দলৰ হৈ ভাগ লৈছিল। তেওঁ আই পি এলত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আদি দলৰ হৈ খেলিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments