Wednesday, October 5, 2022
HomeNewsআই পি এলৰ স্প'নছৰশ্বিপৰ দৌৰত পতঞ্জলি

আই পি এলৰ স্প’নছৰশ্বিপৰ দৌৰত পতঞ্জলি

অলিম্পিয়া বাৰ্তা

কৰ’নাই বিধ্বস্ত কৰা ক্ৰীড়াক্ষেত্ৰলৈ কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে আই পি এলে। বহু প্ৰত্যাশিত ইণ্ডিয়ান প্ৰিমীয়াৰ লীগখন এইবেলি ভাৰতত অনুষ্ঠিত কৰিব পৰা ন’গলেও ইউনাইটেড আৰব এমিৰাটছ চমুকৈ ইউ এ ই’ত অনুষ্ঠিত কৰাৰ বাবে থিৰাং কৰা হৈছে। সেই অনুসৰি ছেপ্টেম্বৰৰ ১৯ ৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ক্ৰীড়াক্ষেত্ৰৰ মেগা ইভেণ্টখন।

২০১৮ ৰ পৰা আই পি এলৰ স্প’নছৰ পাঁচ বছৰৰ বাবে চীনৰ মোবাইল বিক্রেতা কোম্পানী ভিভ’ৰ হাতত আছিল যদিও শেহতীয়াকৈ চীন ভাৰতৰ পৰিপ্ৰেক্ষিতত ভিভ’ক এই দায়িত্বৰ পৰা আঁতৰোৱা হৈছে। সেয়ে এতিয়া বি চি চি আইয়ে নতুন স্প’নছৰ বিচাৰি আৱেদন কৰিছে।

ইতিমধ্যে আই পি এল ২০২০ৰ মূল স্পনছাৰৰ বাবে বহু প্ৰতিষ্ঠানে আগ্ৰহ প্ৰকাশ কৰিছে। স্প’নছৰশ্বিপৰ এই দৌৰত আছে ক’কাক’লা, এমেজন, আনএকাডেমি আদি।

শেহতীয়া খবৰ অনুসৰি ভাৰতৰ সৰ্ববৃহৎ আয়ুৰ্বেদিক কোম্পানি পতঞ্জলিয়েও মূল স্প’নছৰৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে কোম্পানিয়ে বিডতো অংশ ল’ব।

পতঞ্জলিৰ মুখপাত্ৰ এছ কে তিজৰাৱালাই ইকনমিক টাইমছক জনাইছে, ” এইবাৰৰ আই পি এলত আমি টাইটেল স্প’নছৰৰ বাবে আৱেদন কৰাৰ কথা ভাবিছোঁ। গোটেই বিশ্বতে পতঞ্জলিৰ প্ৰসাৰৰ বাবে আমি বদ্ধপৰিকৰ।”

উল্লেখযোগ্য যে আই পি এলৰ সৈতে নাম সাঙুৰ খাই পৰাৰ লগে লগে পতঞ্জলিৰ বাবে বিদেশৰ বজাৰৰ দুৱাৰ খুল খোৱাৰ পূৰ্ণ সম্ভৱনা আছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments