অলিম্পিয়া প্রতিবেদন
টেত্ৰিশ কোটি দেৱ দেৱতাৰ দেশ ভাৰতবৰ্ষ। পূজা-পাতল, জাত-পাত, ধৰ্ম বিচাৰত অভ্যস্ত এই দেশৰ নাগৰিকৰ জীৱন। কোনোবাই দেশলৈ অলিম্পিক পদক আজুৰি আনিলেও সেয়া বৰ ডাঙৰ কথা নহয় একাংশৰ বাবে। একাংশৰ বাবে সেই অলিম্পিয়ানৰ ধৰ্ম কি সেয়াহে ডাঙৰ কথা। শেহতীয়াকৈ ইতিহাস সৃষ্টি কৰি অসম কন্যা লাভলীনা বৰগোঁহাইয়ে অলিম্পিকত নিশ্চিত কৰিলে পদক। লগে লগে সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিলে অসম জীয়ৰী লাভলীনাই। চাইনীজ টাইপেইৰ কঠিন প্ৰতিদ্বন্দীক পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি সমগ্ৰ দেশৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল লাভলীনা।
সততে ক্ৰিকেটৰ বাদে অন্য খেলৰ ভূ নৰখা একাংশই হয়তো পোন প্ৰথমবাৰৰ বাবে শুনিলে লাভলীনাৰ নাম। আশ্চৰ্যজনকভাৱে লাভলীনাৰ নাম শুনা মাত্ৰেই একাংশই গুগল চলাথ কৰিলে লাভলীনাৰ ধৰ্ম কি সেয়া জানিবলৈ। খেল কি,খেলুৱৈৰ জীৱন সংগ্ৰাম অথবা খেল আৰু খেলুৱৈৰ ইতিহাস, সেয়া জনাৰ কোনো প্ৰয়োজন নাই। প্ৰথমেই খেলুৱৈৰ ধৰ্ম কি সেয়াহে একাংশৰ বাবে গুৰুত্বপূৰ্ণ। গুগলত এইকেইদিন সৰ্বাধিক চাৰ্চ কৰা লাভলীনা সম্পৰ্কীয় বিষয়ৰ ভিতৰত তৃতীয় স্থানত আছিল লাভলীনাৰ ধৰ্ম। ইন্টাৰনেটত লাভলীনা সম্পৰ্কে বিভিন্ন তথ্য ভৰি থকাৰ পিছতো একাংশই লাভলীনাৰ ধৰ্ম সম্পৰ্কে জানিবলৈ উদগ্ৰীৱ হৈ পৰাৰ কথাই পুনৰবাৰ ভাৰতত যে ধৰ্মই মূল সেই কথাকে যেন প্ৰমাণ কৰিছে। একাংশৰ মাজত ধৰ্মান্ধতা কেনেদৰে শিপাই আছে তাৰেই যেন প্ৰমাণ কৰিছে এই কথাই।
উল্লেখযোগ্য যে চাইনীজ টাইপেইৰ প্ৰতিপক্ষ নিয়েন চিন চেনক ৪-১ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই। এই সফলতা লাভ কৰাৰ পিছতে লাভলীনা কেৱল অসম তথা ভাৰততে নহয়, সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে। ছেমি ফাইনেলত প্ৰৱেশৰ পিছতে আত্মবিশ্বাসী লাভলীনাৰ স্বৰ্ণ জয়েই হৈ পৰিছে পৰৱৰ্তী লক্ষ্য।