Tuesday, October 4, 2022
HomeNewsযাত্ৰা অব্যাহত থাকিব কেৱল ভূমিকা আৰু পথ ভিন্ন হ'ব : অৱসৰৰ মুহূৰ্তত...

যাত্ৰা অব্যাহত থাকিব কেৱল ভূমিকা আৰু পথ ভিন্ন হ’ব : অৱসৰৰ মুহূৰ্তত পেৰা অলিম্পিক পদক প্ৰাপ্ত দীপা মালিক

olympiasports.in বিশেষ

✍️ তুষাৰ প্ৰতিম

পেৰা অলিম্পিকত পদকপ্ৰাপ্ত ভাৰতীয় খেলুৱৈ দীপা মালিকে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। পেৰা অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দীপা মালিকে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি এতিয়া পি চি আইৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰি যুৱ খেলুৱৈসকলৰ বাবে কাম কৰিবলৈ মন মেলিছে।

এক সাক্ষাৎকাৰত দীপাই কয় যে, ‘মই নাজানোঁ মোৰ এই সিদ্ধান্ত‌ই সকলোকে কিয় আচৰিত কৰিছে, এই সিদ্ধান্ত মই ছেপ্টেম্বৰতেই ল’বলৈ ঠিক কৰিছিলোঁ। পেৰা অলিম্পিক কমিটিৰ অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ অৱসৰ গ্ৰহণ কৰিব‌‌ই লাগিব।’

ভাৰতীয় পেৰা অলিম্পিকৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হোৱা দীপাই পেৰা অলিম্পিক কমিটিৰ অধ্যক্ষ ৰূপে গ্ৰহণ কৰিবলগীয়া ভূমিকা সম্পৰ্কত কয়, ‘আমাৰ প্ৰধান কাম হ’ব ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা স্বীকৃতি লাভ কৰা। ই এক বৃহৎ কাম। কোনো খেলুৱৈয়ে অধ্যক্ষৰ পদ গ্ৰহণ কৰিব নোৱাৰে। মই বৰ্তমানলৈকে পদক জয়ৰ জৰিয়তে দেশৰ সেৱা কৰিলোঁ। এছিয়ান গেমছ, কমনৱেলথ গেমছ, পেৰা অলিম্পিকত দেশৰ বাবে সন্মান কঢ়িয়াই আনিছোঁ। এতিয়া মোৰ সময় দেশক অলপ বেলেগ ধৰণে সেৱা কৰাটো। আনকো মোৰ দৰেই পদক জয়ৰ সুযোগ দিওঁ।’

৫০ বছৰীয়া দীপাই নিজৰ কেৰিয়াৰত বহুকেইটা সফলতা লাভ কৰিছিল। অৱসৰৰ এই সময়ত এৰি থৈ অহা কেৰিয়াৰলৈ এভুমুকি মাৰি দীপাই কয়, ‘মই সম্পূৰ্ণ সত্য শুদ্ধভাৱে এই খেলত নিজক অৰ্পণ কৰিছোঁ। যি সংকল্প গ্ৰহণ কৰিছিলোঁ, তাক কষ্টৰ জৰিয়তে সম্পূৰ্ণ কৰিছোঁ। কোনো অনুৰাগী, sponsor ক নিৰাশ কৰা নাই। দেশ যি পদকৰ বাবে অপেক্ষা কৰি আছিল (মহিলা পেৰা অলিম্পিক পদক), সেই পদকো দেশৰ বাবে জয় কৰিলোঁ। মই মহিলাৰ অক্ষমতাৰ পৰিভাষা সলনি কৰি দিলোঁ। মই প্ৰমাণ কৰিলোঁ অক্ষমতাৰ লগতো জীৱন আছে।কেৰিয়াৰত পেৰা অলিম্পিকক বহুত দিলোঁ আৰু পেৰা অলিম্পিকৰ পৰা বহুত পালোঁ। এই যাত্ৰা এতিয়াও অব্যাহত থাকিব কেৱল ভূমিকা বেলেগ হ’ব, পথ একেই হ’ব।’

পেৰা অলিম্পিকৰ ক্ষেত্ৰত সমগ্ৰ দেশতে এক জাগৰণ আনিবলৈ সক্ষম হোৱাতো নিজৰ কেৰিয়াৰৰ আটাইতকৈ বৃহৎ সফলতা বুলি উল্লেখ কৰা দীপা মালিকৰ মতে সকলোতকৈ বৃহৎ উপলব্ধি মেডেল কেতিয়াও নহয়, কাৰণ সকলো মেডেল বা পদকেই তেওঁৰ বাবে বিশেষ। দীপাৰ ভাল লাগে যেতিয়া দেশত পেৰা স্প’ৰ্টৰ নাম লোৱা হয় তেতিয়া অৱধাৰিত ভাৱেই দীপাৰ নাম সকলোৱে ল‌ই। নিজৰ অক্ষমতাক নিজৰ পৰিচয় ৰূপে গঢ়ি তুলিব পৰাটোও দীপাৰ বাবে এক ভাল লগা অনুভূতি। দীপাৰ আশা আন কোনোবা নতুন দীপাই পুনৰ দেশৰ বাবে পদক কঢ়িয়াই আনক।

অৱসৰৰ সময়ছোৱাত নিজৰ প্ৰশিক্ষক, ফিটনেছ ট্ৰেইনাৰ, জিম ট্ৰেইনাৰ, nutritionist, স্প’ৰ্টছ ষ্টাফ, অনুৰাগী, বন্ধু এই সকলোকে তেওঁৰ পৰিয়ালৰ সদস্য বুলিও উল্লেখ কৰি দীপাই কয়, তেওঁৰ বাবে সকলোৱে কষ্ট কৰিছে। দীপাৰ সপোনবোৰক পিতৃ-মাতৃ, স্বামী, সন্তান সকলোৱে নিজৰ এক সপোন বুলি ভাবিলৈয়ে প্ৰতি মুহূৰ্তত দীপাক সহযোগিতা কৰি গৈছিল। দীপাই কয়, তেওঁলোকে প্ৰতিটো মুহূৰ্তত মোৰ কাষত থিয় দিছিল।

নিজৰ শাৰীৰিক অক্ষমতাক সক্ষমতালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা পেৰা অলিম্পিক পদক বিজয়ী দীপা মালিকে কেৰিয়াৰত বহু সফলতা লাভ কৰাৰ উপৰিও বহু সন্মান লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ সকলোতকৈ কঠিন কাৰ ৰেলীটো অংশগ্ৰহণ কৰিছে। দীপাই কেৰিয়াৰত ২০১৬ চনৰ পেৰা অলিম্পিকত ৰূপৰ পদক লাভ কৰি প্ৰথম ভাৰতীয় মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। তেওঁৰ এনে বহু সফলতাৰ বাবে আৰু দেশৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১২ চনত পদ্মশ্ৰী, ২০১৯ চনত খেৰ ৰত্ন বঁটাৰে সন্মানিত কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments