Tuesday, October 4, 2022
HomeNews"এতিয়া মই প্ৰতিটো মুহূৰ্তৰ আমেজ লওঁ। যেতিয়া ভাল দিনৰ বিপৰীতে অধিক বেয়া...

“এতিয়া মই প্ৰতিটো মুহূৰ্তৰ আমেজ লওঁ। যেতিয়া ভাল দিনৰ বিপৰীতে অধিক বেয়া দিন আহিব, তেতিয়া ইচ্ছা মৃত্যু লম…”

https://olympiasports.in/

“এতিয়া মই প্ৰতিটো মুহূৰ্তৰ আমেজ লওঁ। যেতিয়া ভাল দিনৰ বিপৰীতে অধিক বেয়া দিন আহিব, তেতিয়া ইচ্ছা মৃত্যু লম। কিন্তু এতিয়া সেই সময় আহি পৰা নাই।” এইদৰে কৈছিল ২০১৬ চনত। কিন্তু ২০১৯ চনৰ অক্টোবৰত!

তেওঁৰ নাম মৰিকী ভাৰভুৰ্ট। বহুতেই হয়তো তেওঁক জানে। যিসকলে নাজানে তেওঁলোক যাব লাগিব কিছু বছৰ আগলৈ।

সেয়া আছিল ২০১২ চনৰ লণ্ডন পেৰা অলিম্পিক। বেলজিয়ামৰ মৰিকী ভাৰভুৰ্টে সেই অলিম্পিকত ১০০ মিটাৰত স্বৰ্ণ আৰু ২০০ মিটাৰত ৰূপৰ পদক লাভ কৰিছিল।

২০১৬ চনৰ ৰিঅ’ অলিম্পিকত আকৌ মৰিকীয়ে ৪০০ মিটাৰত ৰূপ আৰু ১০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

বেলজিয়ামৰ এই মহান পেৰা অলিম্পিয়ান গৰাকী গভীৰ মাংস পেশীৰ সমস্যা আৰু শৰীৰত প্ৰচণ্ড বিষ হোৱাৰ লগতে তেওঁৰ দুয়োখন ভৰি বিকল হৈ পৰিছিল।যাৰ বাবে এই মহান ক্ৰীড়াবিদগৰাকীয়ে শুৱাৰ সময়তো কষ্ট অনুভৱ কৰিছিল।

মৰিকীয়ে ১৪ বছৰ বয়সতে তেওঁৰ দেহত বাঁহ লোৱা ৰোগৰ বিষয়ে তেওঁ জানিবলৈ পাৰিছিল।১৪ বছৰ বয়সত তেওঁৰ দেহত বাঁহ লোৱা এই ৰোগৰ বাবেই হুইল চেয়াৰখনকে সাৰথি কৰি জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল।

এনে এক দুৰ্বিসহ জীৱন অতিবাহিত কৰি সম্পূৰ্ণৰুপে ভাঙি পৰিছিল মৰিকী। পিছে জীৱনত কেতিয়াও হাৰ মানিব নিবিচৰা মৰিকীয়ে হুইল চেয়াৰখনকে সাৰথি কৰি বিভিন্ন ক্ৰীড়াৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে। ক্ৰীড়াকেই জীৱন হিচাপে লৈ মৰিকীয়ে বাস্কেটবল, ট্ৰাইথলন আৰু সাঁতোৰৰ চৰ্চা আৰম্ভ কৰে।এইদৰেই ৰোগাক্ৰান্ত শৰীৰটো হুইল চেয়াৰত কঢ়িয়াই বিশ্বৰ বিভিন্ন দেশত নিজৰ ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰি সন্মান আৰু খ্যাতি অৰ্জন কৰিলে।

পিছে জীৱনত কেতিয়াও হাৰ মানিব নিবিচৰা মৰিকী ভাৰভুৰ্টে সময়ত অসমৰ্থ হৈ পৰিছিল ৰোগাক্ৰান্ত শৰীৰটো হুইল চেয়াৰখনত কঢ়িয়াই ফুৰিবলৈ। সেয়ে অলিম্পিক প্ৰতিযোগিতাত অংশলোৱাৰ পূৰ্বেই ২০০৮ চনতেই মৰিকীয়ে ইচ্ছা মৃত্যু সম্পৰ্কীয় পত্ৰত স্বাক্ষৰ কৰিছিল।

“এতিয়া মই প্ৰতিটো মুহূৰ্তৰ আমেজ লওঁ। যেতিয়া ভাল দিনৰ বিপৰীতে অধিক বেয়া দিন আহিব, তেতিয়া ইচ্ছা মৃত্যু লম। কিন্তু এতিয়া সেই সময় আহি পৰা নাই।”— মহান ক্ৰীড়াবিদজনে ২০১৬ চনৰ অলিম্পিকৰ পূৰ্বে এক সংবাদ মেলত কৈছিল এইদৰে।

“যদি মোৰ শৰীৰত থিতাপি লোৱা ৰোগৰ বাবে শৰীৰ অধিক বেয়াৰ ফালে গতি কৰে তেন্তে মই ইচ্ছা মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰিম।”

২০১৬ অলিম্পিকৰ সময়তেই আকৌ মৰিকীৰ দুয়োটা চকুৰ ৰশ্মী কমিবলৈ আৰম্ভ কৰিছিল। তোৰোপৰি মৃগী ৰোগেও দেহত থিতাপি লৈছিল। সেয়ে মৰিকীয়ে ২০১৬ চনৰ অলিম্পিকেই তেওঁৰ কেৰিয়াৰৰ অন্তিম অলিম্পিক বুলি সংবাদ মাধ্যমৰ আগত ঘোষনা কৰিছিল।

১৪ বছৰ বয়সতে জটিল ৰোগত আক্ৰান্ত হোৱা মৰিকীয়ে ২০০৮ চনত ইচ্ছা মৃত্যু সম্পৰ্কীয় নথিত স্বাক্ষৰ কৰি কৈছিল–“যদি মোৰ শৰীৰত থিতাপি লোৱা ৰোগৰ বাবে শৰীৰ অধিক বেয়াৰ ফালে গতি কৰে তেন্তে মই ইচ্ছা মৃত্যুৰ সিদ্ধান্ত গ্ৰহণ কৰিম।”

১৯৭৯ চনৰ ১০ মে’ত বেলজিয়ামত জন্মগ্ৰহণ কৰা মৰিকি ভাৰভুৰ্টে অৱশেষত ২০১৯ চনৰ ২২ অক্টোবৰত ইচ্ছা মৃত্যুক সাৱতি লয়। কেইবাটাও ৰোগে দেহত বাঁহ লোৱাৰ বাবে জীৱন দুৰ্বিসহ হৈ পৰা মৰিকীয়ে অৱশেষত এই চৰম সিদ্ধান্ত লবলৈ বাধ্য হয়।

“যদিহে ইচ্ছা মৃত্যু সম্পৰ্কীয় নথি সাজু হৈ নাথাকিল হয় তেন্তে বহু আগতেই মই আত্মহত্যা কৰিলো হয়।” মৃত্যুৰ আগমূহূৰ্তত মৰিকীয়ে কৈছিল এইদৰে।

পেৰা অলিম্পিয়ান মৰিকী ভাৰভুৰ্টেৰ ইচ্ছা মৃত্যুয়ে সমগ্ৰ বিশ্বৰ ক্ৰীড়া মহলত শোকৰ ছাঁ পেলাইছিল। আজিও এই মহান ক্ৰীড়াবিদগৰাকীৰ স্মৃতি সজীৱ হৈ আছে বিশ্ব ক্ৰীড়াংগনত। যুঁজি যুঁজি হাৰি গ’ল মৰিকী ভাৰভূৰ্ট।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments