Monday, October 3, 2022
HomeNewsচেম্পিয়নছ লীগৰ মাজতে কৰ'নাত আক্ৰান্ত হ'ল বাৰ্ছিলোনাৰ খেলুৱৈ

চেম্পিয়নছ লীগৰ মাজতে কৰ’নাত আক্ৰান্ত হ’ল বাৰ্ছিলোনাৰ খেলুৱৈ

অলিম্পিয়া বাৰ্তা

বাৰ্ছিলোনাৰ এগৰাকী খেলুৱৈৰ দেহত ধৰা পৰিছে কৰ’না মহামাৰীৰ অৱস্থিতি। দলটোৱে অৱশ্যে খেলুৱৈজনৰ নাম প্ৰকাশ কৰা নাই। কৰ’না ধৰা পৰাৰ লগে লগে আছুতীয়াকৰণ কৰা হৈছে খেলুৱৈগৰাকীক।

দলটোৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি, তেওঁলোকৰ এগৰাকী খেলুৱৈ কৰ’নাত আক্ৰান্ত হৈছে যদিও শুক্ৰবাৰে বেয়াৰ্ন মিউনিখৰ বিপক্ষে খেলিবলগীয়া মেচখনৰ মূল একাদশত তেওঁ অন্তৰ্ভুক্ত হোৱা নাছিল।

প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে খেলুৱৈজনৰ দেহত কোনো উপসৰ্গ দেখা দিয়া নাছিল। লগতে কোৱা হৈছে খেলুৱৈজন কোনো ছিনিয়ৰ খেলুৱৈৰ সংস্পৰ্শলৈ অহা নাছিল। উল্লেখযোগ্য যে এই বৃহস্পতিবাৰে দলটো চেম্পিয়নছ লীগৰ পৰৱৰ্তী মেচখনৰ বাবে লিছবনলৈ ৰাওনা হ’ব। পৰৱৰ্তী খেলত দলটো মুখামুখী হ’ব বেয়াৰ্ন মিউনিখৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments