

গুৱাহাটী, ১৩ জুলাইঃ আসন্ন টকিঅ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় এথলীটসকলৰ লগত মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰে। এই ভিডিঅ কনফাৰেন্সত অসম অলিম্পিক সন্থা (এ অ এ) আৰু ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে একেলগে অংশগ্ৰহণ কৰে।অসম অলিম্পিক সন্থাৰ সভাকক্ষত আয়োজিত এই ভিডিঅ কনফাৰেন্স সংযোগী অনুষ্ঠানত অসমৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী বিমল বড়া, ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় অলিম্পিক সন্থাৰ উপ-সভাপতি ভূৱনেশ্বৰ কলিতা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডৰ লগতে অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া আৰু ক্ৰীড়া সংগঠকসকল উপস্থিত থাকে।