গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত পদুপাৰাৰ হাই স্কুল খেলপথাৰত পি বি চি উদীয়মান যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা অষ্টম বাৰ্ষিক প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন বুধবাৰে অনুষ্ঠিত হয় ৰেড ডেভিলছ ফুটবল দল আৰু সাউলিবড়ী ফুটবল দলৰ মাজত।
সাউলিবড়ী ফুটবল দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ৰেড ডেভিলছ ফুটবল দলে । তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত নিৰ্ধাৰিত সময়ত ৰেড ডেভিলছ ফুটবল দলে সাউলিবড়ী ফুটবল দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে ৰেড ডেভিলছ ফুটবল দলে।প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ৰেড ডেভিলছ ফুটবল দলৰ খেলুৱৈ ধবেশ দৈমাৰীয়ে ।
খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৩৬ নং দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ লগতে পদুপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক আবুল হুছেইন, শাহাদত আলী, মহফুৰ ৰহমানকে আদি কৰি বহুকেইজন বিশিষ্ট লোক।বঁটা বিতৰণি সভাত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয় যে খেল পথাৰখনৰ আন্তঃগাথঁনিৰ বাবে তেওঁ অহা ২০২২-২০২৩ বিত্তীয় বৰ্ষত খেলপথাৰ খনৰ মেৰামতি আৰু দুটা ষ্টীল গল পোষ্ট নিৰ্মানৰ বাবে বিধায়ক গৰাকীৰ নিজৰ পুঁজিৰ পৰা তিনি লাখ টকা আগবঢ়াব ।