Friday, September 30, 2022
HomeNewsঅলিম্পিয়া বিশেষ: কাৰ্বি আংলঙৰ জীয়ৰী পখিলা ইংতিপিৰ বিশ্ব-মুখী যাত্ৰা

অলিম্পিয়া বিশেষ: কাৰ্বি আংলঙৰ জীয়ৰী পখিলা ইংতিপিৰ বিশ্ব-মুখী যাত্ৰা

অলিম্পিয়া বিশেষ

ছোৱালীজনীৰ চাল-চলনবোৰ মুঠেই পছন্দ হোৱা নাছিল পিতৃ কেহাইৰ। গাঁৱৰ আন আন ছোৱালীৰ দৰে সাজ-পোছাক নিপিন্ধি ল’ৰাৰ নিচিনাকৈ লংপেন্ট পিন্ধি দৌৰা-দৌৰি কৰি থকা জীয়েকক কেইবাদিনো ভেকাহি মাৰিছিল তেওঁ। কিন্তু ছোৱালী আছিল নাছোৰবান্দা। লংপেন্ট পিন্ধিবই, দৌৰা-দৌৰি কৰিবই। মাতৃ মেকৰিৰ সহযোগত খেতিয়ক পিতৃৰ চকুত ধূলি দি কেতিয়াবা নিশা আকৌ কেতিয়াবা কাহিলি পুৱাই দৌৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল ছোৱালীজনী। মনত প্ৰচণ্ড দৃঢ়তা। বুকুত অযুত হেঁপাহ। দুচকুত হেজাৰ স্বপ্নৰ তিৰবিৰণি। অৱশেষত সেই একাগ্ৰতাই তাইলৈ সুযোগ আনি দিলে। বয়স তেতিয়া তাইৰ বাৰ বছৰ। চন ১৯৯৭। গুৱাহাটীত অনুষ্ঠিত নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া গ’ল্ড কাপ মাৰাথনত অংশগ্ৰহণৰ সুযোগ পালে তাই। কিন্তু আৰ্থিক অসুবিধাৰ বাবেই প্ৰতিযোগিতাত অংশগ্ৰহণৰ পোছাকযোৰো যোগাৰ কৰিব নোৱাৰাত দুই জ্যেষ্ঠ খেলুৱৈ তথা প্ৰশিক্ষক পৱন আৰু চিকাৰীৰ পোছাক পিন্ধিয়েই দৌৰত নামিব লগা হ’ল। অৱশ্যে প্ৰতিযোগিতাখনত চতুৰ্থ স্থানহে লাভ কৰিবলৈ সক্ষম হৈছিল ছোৱালীজনীয়ে। তথাপি তাইৰ ক্ৰীড়া জীৱনো এনেদৰেই আৰম্ভ হৈছিল। সেই ছোৱালীজনীয়ে হৈছে কাৰ্বি আংলঙৰ কাকতি ৰংহাং গাৱঁৰ পৰা ওলাই আহি দক্ষতাৰে বিশ্ব দৰবাৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা এথলিট পখিলা ইংতিপি। পখিলা ইংতিপি এগৰাকী ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মাষ্টাৰ্ছ খেলুৱৈ। ৰেচ ৱাকিঙৰ দৰে এবিধ খেলত অসমক অসম তথা ভাৰতক প্ৰতিনিধিত্ব কৰি পখিলাই বিভিন্ন সময়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

খেলুৱৈ জীৱনৰ আৰম্ভণি কালছোৱাত পখিলা:

পখিলাই প্ৰথম অৱস্থাত ঘৰতেই খেলৰ অনুশীলন কৰিছিল। ডিফু চহৰত সেই সময়ত পৱন বাগলাৰী আৰু চিকাৰী ইংহি নামৰ দুগৰাকী নামকৰা এথলিট আছিল। তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছিল পখিলা। পৱন আৰু চিকাৰী ইংহিৰ অনুশীলনৰ সময়ত পখিলাই ৰ লাগি চাই ৰৈছিল। তাকে দেখি এদিন পৱন আৰু চিকাৰীয়ে পখিলাক তেওঁলোকৰ সৈতে অনুশীলনৰ বাবে মাতিছিল। এনেদৰেই পখিলাই অনুশীলন আৰম্ভ কৰিছিল। খেলাৰ সমানে সমানে ঘৰৰ উপাৰ্জনৰ ক্ষেত্ৰতো মাক-দেউতাককো সহায় কৰিছিল পখিলাই। আনকি ডিফু চহৰত শাক পাচলি বিক্ৰী কৰিব লগাও হৈছিল তাই। ঘৰৰ দৰিদ্ৰতাৰ মাজেৰেও খেলি গৈছিল পখিলাই। ১৯৯৭ চনত পখিলাই ভাগ লয় আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপত। সেইবাৰ তেওঁ লাভ কৰিছিল ৰূপৰ পদক। ১৯৯৯ চনত অনুষ্ঠিত ইন্টাৰ ছাব এছ’চিয়েচন এথলেটিকছ মীটত ভাগ লৈ তেঁও লাভ কৰিবলৈ সক্ষম হয় দুটাকৈ সোণ, এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক। সেই বৰ্ষতে অনুষ্ঠিত হোৱা আৰু দুখন এথলেটিকছ প্ৰতিযোগিতাতো দুটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

পখিলাৰ সাফল্য :

মাজতে দুৰ্ঘটনাত ভৰিত আঘাত পাই দুবছৰলৈ খেলৰ পৰা আঁতৰি থাকিব লগা হোৱাৰ পিছত খেলপথাৰত পুনৰ দুগুণ উৎসাহেৰে নামি পৰে পখিলা। ২০০৫ চনত অনুষ্ঠিত ৰাজ্যিক ৰেচ ৱাকিঙত পদক লাভ কৰে পখিলাই। যি সময়ত অসমত ৰেচ ৱাকিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কোনো উপায় নাছিল তেনে সময়তো ৰেচ ৱাকিঙত বিশেষ পাৰদৰ্শিতা দেখুৱাই আহিছে কাৰ্বি আংলঙৰ এইগৰাকী এথলিটে। ২০১৮ চনত চণ্ডীগড়ত অনুষ্ঠিত নেচনেল মাষ্টাৰ্ছ গেমছত তিনিটাকৈ সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। সেই একেটা বৰ্ষতে মালয়েছিয়াত অনুষ্ঠিত এছিয়া পেচিফিক মাষ্টাৰ্ছ গেমছত পুনৰ এটা স্বৰ্ণ আৰু দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়।পখিলাৰ এই সাফল্য আছিল তেওঁৰ জীৱনৰ এক বিশেষ স্মৰণীয় মুহূৰ্ত। সাফল্যৰ এই যাত্ৰা অব্যাহত ৰাখি ২০১৯ চনটো তেওঁ নেচনেল মাষ্টাৰ্ছ গেমছত পুনৰ একোটাকৈ স্বৰ্ণ আৰু ৰূপৰ পদক কঢ়িয়াই আনে। ইয়াৰ পিছত ইটালীৰ টৰিন’ত অনুষ্ঠিত ইউৰোপীয়ান মাষ্টাৰ গেমছত ২১ কিলোমিটাৰ মাৰাথন শাখাত ব্ৰঞ্জৰ পদক দখল কৰে। শেহতীয়াকৈ এইগৰাকী এথলিটে গুজৰাটৰ বদোদৰাত আয়োজিত নেশ্বনেল মাষ্টাৰ্ছ গেমছত ৰেচ ৱাকিঙত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

পখিলাৰ লক্ষ্য:

পখিলাৰ বৰ্তমান লক্ষ্য ২০২১ চনত জাপানত অনুষ্ঠিত হ’ব লগা ৱৰ্ল্ড মাষ্টাৰ্ছ গেমছত ভাগ লৈ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা।

পখিলাই কাৰোবাৰ পৰা সহায় সহযোগিতা লাভ কৰিছে নে? সমগ্ৰ ক্ৰীড়া জীৱনত পখিলাই আৰ্থিকভাৱে বৰ বিশেষ সহায় সহযোগিতা লাভ কৰা নাই যদিও তেওঁক বিভিন্ন সময়ত তেওঁৰেই কৰ্মৰত বন বিভাগৰ উচ্চ পদস্থ বিষয়া অভিজিত ৰাভাই সহায় কৰি আহিছে। অৱশ্যে ইউৰোপীয়ান মাষ্টাৰ্ছত পদক জিকাৰ সুবাদত কাৰ্বি স্বায়ত্ব পৰিষদে তেওঁলৈ পাঁচ লাখ টকাৰ সন্মান আগবঢ়ায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments