Monday, October 3, 2022
HomeNewsদৌৰি জগত জিনাৰ সপোন নাজিৰাৰ এজন কৃষক সন্তানৰ

দৌৰি জগত জিনাৰ সপোন নাজিৰাৰ এজন কৃষক সন্তানৰ

✍️ নাজিৰাৰ পৰা হিৰকজ্যোতি শইকীয়াৰ প্ৰতিবেদন

দৌৰি জগত জিনাৰ সপোন নাজিৰাৰ এজন কৃষক সন্তানৰ । অসমৰ এগৰাকী সম্ভাৱনাময় খেলুৱৈ পল্লৱ গগৈ । প্ৰয়োজনত দ -পথাৰত খেতি কৰি পিতৃক সহায় কৰে তেওঁ । অশেষ দুখ-কষ্টৰ মাজেৰে আগবাঢ়িছে পল্লৱৰ ক্ৰীড়া জীৱন ।

এটি দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান পল্লৱ । ২০ বছৰীয়া তৰুণ খেলুলৈ পল্লৱ গৌৰীসাগৰ দিখৌমুখ কলেজৰ প্ৰথম সন্মাষিকৰ ছাত্র । নাজিৰাৰ বালিঘাট-বৰদুৱাৰমুখৰ এই গৰাকী অসম সন্তান এতিয়া জিলিকি উঠিছে ৰাষ্ট্ৰীয় পৰ্যায়ত । পিতৃ নকুল গগৈ আৰু মাতৃ বিস্মিতা গগৈৰ একমাত্ৰ সন্তান পল্লৱ । ইতিমধ্যে পল্লৱে কেইবাটাও ৰাষ্ট্ৰীয় পদক আজুৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । বিগত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ভিত্তিত পল্লৱে ৰাষ্ট্ৰীয় পৰ্যায়ত নৱম স্থান আৰু উত্তৰ-পূব মণ্ডলৰ ভিতৰত শ্ৰেষ্ঠত্বৰ সন্মানেৰে অসমৰ খেল-জগতত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ অনুষ্ঠিত খেলো ইণ্ডিয়া আৰু ইণ্ডিয়ান স্পীড ষ্টাৰত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি সকলোৰে নয়নৰ মণি হৈ পৰিছে পল্লৱ গগৈ ।

বৰ্তমান কঠোৰ অনুশীলনত ব্যস্ত থকা পল্লৱে আগন্তক প্ৰতিযোগিতাসমূহৰ বাবে নিজকে সাজু কৰি তুলিছে ।
‌‍পল্লৱৰ ঘৰৰ নিচেই কাষতে থকা গড়গাঁও কলেজ খেলপথাৰত খেলৰ আদিপাঠ গ্ৰহণ কৰিছিল । ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়তেই খেলৰ প্ৰতি আগ্ৰহ থকা দেখি প্ৰশিক্ষক প্ৰাঞ্জল বৰুৱাই পল্লৱক খেলৰ অ আ ক খ শিকাইছিল । পুত্রৰ বাবে কিমান যে ত্যাগ কৰিছে পিতৃ-মাতৃয়ে !
প্ৰতিযোগিতাসমূহত নিজৰ সন্তানক অংশগ্ৰহণ কৰিবলৈ আৰ্থিকভাৱে পিছপৰা পল্লৱৰ পিতৃ-মাতৃয়ে আনকি ঘৰৰ পোহনীয়া গৰু-ছাগলী, ভৰাঁলৰ ধান বিক্ৰী কৰিবলৈও কুন্ঠাবোধ কৰা নাই । তেওঁলোকৰ এটাই লক্ষ্য– পল্লৱে আৰোহণ কৰক ক্ৰীড়াৰ উচ্চ শিখৰ ।

পিতৃ-মাতৃ তথা পল্লৱৰ একমাত্ৰ সপোন — সুন্দৰ খেল প্ৰদৰ্শনৰ দ্বাৰা নিজ দেশমাতৃক প্ৰতিনিধিত্ব কৰা ।

ভৱিষ্যতে এছিয়ান গেমছ, কমলৱেনথ গেমছ , অলিম্পিকত খেলাৰ সপোন আছে পল্লবৰ । কিন্তু সেই সপোনে কিমান সাকাৰ ৰূপ পাব তাক লৈও উঠিছে প্ৰশ্ন । কাৰণ পল্লৱৰ অনুশীলন স্হলীত নাই পৰ্যাপ্ত ব্যৱস্থা ।

ইণ্ডিয়ান জাৰ্ছি পিন্ধি দৌৰৰ ট্ৰেকত নামিবলৈ দুৰ্বাৰ হেঁপাহ পল্লৱৰ । উপযুক্ত সুবিধা পালে সেয়া হৈ উঠিব বুলি ব্যক্ত কৰে তেওঁ ।

পল্লৱৰ সন্মুখত আছে কেৰালাত অনুষ্ঠিত হ’ব লগা ২৫ সংখ্যক নেচনেল ছিনিয়ৰ এথলেটিকছ গেমছ । তাৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত পল্লৱ ।

ক্ৰীড়া অনুৰাগীৰ আশা — উদীয়মান দৌৰবিদ জনক এথলেটিকছ ক্ষেত্ৰত আগুৱাই যাবলৈ ক্ৰীড়া বিভাগে কৰক ব্যৱস্থা, দিয়ক অলপ আৰ্থিক সকাহ । চৰকাৰৰ কিছু সদিচ্ছাই পল্লৱক লৈ যাব উন্নত শিখৰলৈ । হিমা দাস, লাভলীনাৰ বাটেৰে বাট বুলি হয়তো এদিন গৌৰৱান্বিত কৰিব সমগ্ৰ দেশক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments