Tuesday, October 4, 2022
HomeNewsৱণ্ডাৰ কিড অফ ইণ্ডিয়া পূজা বিষ্ণুয় : কোহলীক কিয় দিলে ধন্যবাদ?

ৱণ্ডাৰ কিড অফ ইণ্ডিয়া পূজা বিষ্ণুয় : কোহলীক কিয় দিলে ধন্যবাদ?

অলিম্পিয়া প্ৰতিবেদন

ৱণ্ডাৰ কিড অফ ইণ্ডিয়া । পাঁচ বছৰ বয়সতে তেওঁ হৈছিল ছিক্স পেকৰ গৰাকী । দৌৰৰে গঢ়িছিল অভিলেখ । বিৰাট কোহলিৰো কনিষ্ঠ দৌৰবিদ গৰাকীৰ প্ৰতি আছে আন্তৰিকতা ।

কিছু বছৰ আগতে এক খবৰে ক্ৰীড়া জগতক আলোড়িত কৰা কণমাণি ছোৱালীজনীৰ নাম পূজা বিষ্ণয় । ঘৰ ৰাজস্থানত । তেওঁ পাঁচ বছৰ বয়সতে ছিক্স পেকৰ গৰাকী হোৱাৰ লগতে দৌৰৰে গঢ়িছিল অভিলেখ । পূজা যেতিয়া ৬ বছৰীয়া আছিল, ১০ কিঃমিঃ পথ মিনিটত অতিক্ৰম কৰি সকলোকে চমকিত কৰিছিল । এম এছ ধোনীৰ পৰা অমিতাভ বচ্চনলৈকে পূজাৰ প্ৰতিভাত সকলো অবাক হৈ পৰিছিল । সেইসকল মহাতাৰকাৰ সৈতে দেখা গৈছিল ৱণ্ডাৰ কিড গৰাকীক ।

এইগৰাকী কনিষ্ঠ দৌৰিবিদক ইণ্ডিয়াৰ ছেকেণ্ড ৰেংকিঙৰ বিদ্যালয়ত নাম ভৰ্তি কৰাইছিল ভাৰতীয় জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলিয়ে । তেওঁৰ শিক্ষাৰ লগতে যাৱতীয় খৰছ বহন কৰে বিৰাটে । বিৰাট কোহলি ফাউণ্ডেচনে পূজাৰ যাতে অনুশীলন বা পঢ়া শুনাত অসুবিধা নহয়, তাৰ ওপৰত নজৰ দিয়ে ।
এতিয়া ১১ বছৰীয়া পূজা বিষ্ণয় ৰাজমাতা কৃষ্ণ কুমাৰী গাৰ্লছ স্কুলৰ ছাত্রী । পূজাই শেহতীয়াভাৱে পঞ্চম শ্ৰেণীত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । পূজাই দিনটোৰ অনুশীলনৰ পাছতো ৭৬.১৭ শতাংশ নম্বৰ লাভ কৰিছে । ইয়াৰ পাছতে উৎফুল্লিত হৈ পৰিছে কণমাণি খেলুৱৈ গৰাকী । ছচিয়েল মিডিয়াত নিজৰ মাৰ্কচিট খন চেয়াৰ কৰি লিখিলে -” আজি মই পঞ্চম শ্ৰেণীত ৭৬.১৭ শতাংশ নম্বৰ পাবলৈ সক্ষম হ’লো । বিৰাট কোহলি চাৰক ধন্যবাদ যে, তেওঁ ইণ্ডিয়াৰ ছেকেণ্ড ৰেংকিঙৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিলে ।”
পূজাৰ এই খবৰে গৌৰৱান্বিত কৰিলে বিৰাট কোহলিক ।
পূজাৰ বাবে কি কৰা নাই বিৰাট কোহলি ফাউণ্ডেচনে ! অনুশীলনৰ সুবিধা হোৱাকৈ যোধপুৰত ব্যৱস্থা কৰি দিছে এটা ফ্লেট ।
উল্লেখযোগ্য যে, কণমানি খেলুৱৈগৰাকীৰ সপোন অলিম্পিকত পদক অৰ্জন কৰা । সেই সপোন বুকুত বান্ধি পূজা ব্যস্ত কঠোৰ অনুশীলনত ।
তাৰ মাজতে এই সাফল্যই আনন্দিত কৰিলে পূজাক ।

সঁচাকৈ এগৰাকী খেলুৱৈৰ প্ৰতি আনগৰাকী খেলুৱৈৰ সহমৰ্মিতাই এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে । ক্ৰীড়া অনুৰাগীৰ আশা — পূজা শৈক্ষিত জীৱনত আগুৱাই যাওক, লগতে অলিম্পিকৰ সপোনে পূৰ্ণতা পাওক । এইগৰাকী ৱণ্ডাৰ কিড অৱ ইণ্ডিয়াক সকলোৱে জনাইছে শুভেচ্ছা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments