Monday, October 3, 2022
HomeNewsঅনাহাৰে দিন কটাইছে এইগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলিটে

অনাহাৰে দিন কটাইছে এইগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলিটে

olympiasports.in

যিসময়ত দেশৰ ক্ৰীড়াবিদসকলে চৰকাৰ তথা জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে ঠিক একে অনাহাৰে অনিদ্ৰায়ে দিন পাৰ কৰিবলগীয়া হৈছে ভাৰতৰ এগৰাকী যুৱ এথলিটে।

২০১৯ বৰ্ষত ইটালীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছত দেশৰ হৈ ৫০০০ মিটাৰ ৰেছত অংশগ্ৰহণ কৰা Prajakta Godbole আৰু তেওঁৰ পৰিয়ালে লকডাউনৰ এই কঠোৰ সময়ছোৱাত অনাহাৰে দিন পাৰ কৰিছে। নাগপুৰত নিজৰ পিতৃ-মাতৃৰ লগত বাস কৰা প্ৰাজক্তাৰ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হৈছে তেওঁৰ মাতৃ। বিবাহ, জন্মদিন আদিত ৰান্ধনীৰ কাম কৰা প্ৰাজক্তাৰ মাতৃ এতিয়া কৰ্মহীন। কাৰণ লকডাউনৰ বাবে এইবোৰ অনুষ্ঠান কোনেও অনুষ্ঠিত কৰা নাই। আনহাতে এথলিট গৰাকীৰ পিতৃ এজন ৰোগীয়া ব্যক্তি।

আনৰ বিবাহ, জন্মদিন আদিৰ অনুষ্ঠানত ৰান্ধনীৰ কাম কৰা মাতৃৰ কাম বন্ধ হৈ থকাৰ বাবে এতিয়া প্ৰাজক্তাৰ ঘৰত খাবলৈ একো নোহোৱা হৈছে। খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈও নাই হাতত ধন। ওচৰ চুবুৰীয়াৰ অনুগ্ৰহ আৰু দয়াত যেনে তেনে লকডাউনৰ দিন পাৰ কৰি আছিল যদিও এতিয়া সেই অনুগ্ৰহ, দয়াৰ মাত্ৰা কমি আহিছে। প্ৰাজক্তাই কয় “মই প্ৰশিক্ষণৰ বাবে চিন্তা কৰা নাই।মই নাজানোঁ এই পৰিস্থিতিত মই কেনেকৈ বাছি থাকিম। জীৱন আমাৰ বাবে বহু কঠিন। লকডাউনে আমাক শেষ কৰি দিলে।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments