Sunday, October 2, 2022
HomeNewsএটা সময়ত ফুটবল খেলিবলৈ নাছিল তেওঁৰ জোতা, আজি সেইগৰাকী অসমসন্তান মুম্বাই চিটি...

এটা সময়ত ফুটবল খেলিবলৈ নাছিল তেওঁৰ জোতা, আজি সেইগৰাকী অসমসন্তান মুম্বাই চিটি এফ চিৰ অগ্ৰণী ফুটবলাৰ

✍️ নাজিৰাৰ পৰা হিৰকজ্যোতি শইকীয়াৰ প্ৰতিবেদন

এটা সময় আছিল, ফুটবল খেলিবলৈ তেওঁৰ নাছিল এযোৰ জোতা । অথচ খেলিবলৈ দুৰ্বাৰ হেঁপাহ ।
খালী ভৰি,এটা বুটাম নথকা ফটা নীলা চোলাৰে ফুটবলৰ জগতত প্ৰবেশ কৰি এতিয়া তেওঁ ভাৰতীয় ফুটবলৰ এক চাঞ্চল্য । আমি ক’ব বিচাৰিছোঁ সেইজন অসম গৌৰৱৰ কথা যি শিৱসাগৰ জিলাৰ অন্তৰ্গত পানীবিল ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ কৰিছিল যাত্রা । বৰ্তমান মুম্বাই চিটি এফ চিৰ এগৰাকী দুৰ্দান্ত ফুটবলাৰ তেওঁ ।

নাম তেওঁৰ প্ৰাঞ্জল ভূমিজ । বৰ্তমান ভাৰতীয় ফুটবল জগতৰ এটা পৰিচিত নাম । ১৯৯৯ চনৰ ২ মাৰ্চত জন্মলাভ কৰা এইগৰাকী অসম সন্তানৰ ঘৰ শিৱসাগৰ জিলাৰ পানীবিল দৰিকা নগৰত । পিতৃ প্ৰকাশ ভূমিজ আৰু মাতৃ অনিমা মেচৰ চাৰিজন সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান প্ৰাঞ্জল । প্ৰশিক্ষক প্ৰণৱ বুঢ়াগোহাঁইৰ তত্বাৱধানত দৰিকা নগৰ খেলপথাৰত খেলৰ আদিপাঠ গ্ৰহণ কৰিছিল প্ৰাঞ্জলে । এটা নীলা ফটা চোলা, বুটাম নথকা আৰু খালী ভৰিৰে প্ৰথম অৱস্থাত ঘৰৰ নিচেই কাষতে থকা দৰিকা নগৰৰ খেলপথাৰত ফুটবলৰ অনুশীলন কৰিছিল ।সৰুৰে পৰা ফুটবল খেলৰ প্ৰতি আগ্ৰহ থকা দেখি প্ৰশিক্ষক প্ৰণৱ বুঢ়াগোহাঁয়ে পানীবিল ক্ৰীড়া সন্থাৰ দৰিকা নগৰৰ খেলপথাৰত ফুটবলৰ অ আ ক খ শিকাইছিল তেওঁক । অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰাঞ্জলক খেলৰ সা-সামগ্ৰীৰ পৰা সকলো দিশতে সহায়ৰ হাত আগবঢ়াইছিল প্ৰশিক্ষক প্ৰণৱ বুঢ়াগোহাঁইয়ে । সেই কথা আজি সোঁৱৰি গৌৰৱত বুকু ফুলি উঠে প্ৰশিক্ষকগৰাকীৰ ।

অতি কম বয়সতে ২০১০ বৰ্ষত অসমৰ আগশাৰীৰ গুৱাহাটী টাউন ক্লাব ফুটবল একাডেমীত স্থান লাভ কৰিছিল প্ৰাঞ্জলে ।২০১২ চনত নাইক কাপ একাডেমী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত গুৱাহাটী টাউন ক্লাব দলক প্ৰতিনিধিত্ব কৰে ।ইয়াৰ পাছত ২০১৩ চনত প্ৰাঞ্জলে গুৱাহাটীৰ ছাই কেন্দ্ৰত যোগদান কৰে ।২০১৩ চনতেই ক’কাকোলা কাপ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ১৬ বছৰ অনূৰ্ধৰ অসম দলক প্ৰতিনিধিত্ব কৰি পুনৰ সেই একে বৰ্ষতে ঝাৰখণ্ডত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত “সৰ্ব ভাৰতীয় ছাই” দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে । ২০১৪ চনত ত্ৰিপুৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাত ১৭ বছৰ আৰু পুণেত অনুষ্ঠিত ১৯ বছৰ অনূৰ্ধৰ অসম দলক প্ৰতিনিধিত্ব কৰে । ইয়াৰ লগতে ২০১৪ আৰু ২০১৫ বৰ্ষৰ সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী অসম সন্তানে । ২০১৫ চনৰ সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত প্ৰাঞ্জল ভূমিজে চাৰিটা হেট্ৰিকসহ ১৮ টা গল কৰি সমগ্ৰ ভাৰততে ফুটবলপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । এইদৰেই আগবাঢ়ি গৈছে অসম গৌৰৱ প্ৰাঞ্জল । পাছলৈ ঘূৰি চাব লগা হোৱা নাই দূৰ্দান্ত ফুটবলাৰজনে ।
২০১৬ চনত প্ৰাঞ্জল ভূমিজে আই লীগৰ এটি অতি আগশাৰী দল ডি। এছ কে শিৱাজীয়ানছ একাডেমীৰ লগত চুক্তিবদ্ধ হয় । ২০১৭ চনৰ ২৬ ফেব্ৰুৱাৰীত চাৰ্চিল ব্ৰাডাৰ্চ দলৰ বিপক্ষে প্ৰাঞ্জলে আই লীগত ডি এছ কে শিৱাজীয়ানছ একাডেমীৰ হৈ পেছাদাৰী ফুটবলত অভিষেক ঘটায় । প্ৰাঞ্জল ভূমিজে প্ৰথমটো পেছাদাৰী গ’ল দিবলৈ সক্ষম হৈছিল ২০১৭ চনৰ ৮ এপ্ৰিলত শ্বিলং লাজঙৰ বিপক্ষে ।

২০১৭ বৰ্ষৰ ২৩ জুলাইত প্ৰাঞ্জল ভূমিজক হিৰো আই এছ এলৰ আগশাৰীৰ দল মুম্বাই চিটি এফ চিয়ে ২০১৭-২০১৮ বৰ্ষৰ আই এছ এলৰ বাবে ডেভলপমেণ্ট প্লেয়াৰ হিচাপে চাৰি বছৰৰ বাবে চুক্তিবদ্ধ কৰে । ২০১৮ বৰ্ষৰ আই এছ এলত কেৰালা ব্লাষ্টাৰ্ছৰ বিপক্ষে খেলা খেলখনত কৰা গ’লটোৱে ভাৰতবাসীৰ নয়নৰ মণি হৈ পৰিছিল প্ৰাঞ্জল ভূমিজ আৰু উক্ত গ’লটোৱে সেই ছিজনৰ আই এছ এলৰ শ্ৰেষ্ঠ গ’ল হিচাপে বিবেচিত হৈছিল ।

২০১৭ বৰ্ষৰ আগষ্টত ভাৰতৰ অনূৰ্ধ ১৯ বছৰৰ ফুটবল দলৰ প্ৰশিক্ষক ফ্লয়েড পিণ্টুৱে ১৯ বছৰ অনূৰ্ধৰ ছাফ চেম্পিয়দশ্বিপৰ বাবে প্ৰাঞ্জল ভূমিজৰ নাম অন্তৰ্ভুক্ত কৰে । সেই বছৰতে প্ৰাঞ্জলে ভূটানত অনুষ্ঠিত ছাফ ১৯ বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ নেপালৰ বিপক্ষে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটায় ।

বৰ্তমান প্ৰাঞ্জল ভূমিজ মুম্বাই চিটি এফ চিৰ এগৰাকী এগৰাকী অগ্ৰণী সদস্য। খেলৰ মৈদানত মুম্বাইৰ হৈ ষ্ট্ৰাইকাৰ, উইংগাৰ আৰু এটাকিং মিডফিল্ডাৰ হিচাপে খেল প্ৰদৰ্শন কৰি আহিছে । চলিত ছিজনতো সুবিধা পালেই উন্নত প্ৰদৰ্শনেৰে মোহিত কৰিছে অগণন ফুটবল অনুৰাগীক ।
ফুটবল জগতত আগবাঢ়ি গলেও পাহৰি যোৱা নাই তেওঁৰ শিপা। এতিয়াও ঘৰলৈ আহিল অনুশীলন কৰে পানীবিল ক্ৰীড়া সন্থাৰ খেলপথাৰত।উৎসাহিত কৰে খেলুৱৈসকলক।
শেহতীয়াকৈ নাজিৰাৰ অলিম্পিয়াৰ সংবাদদাতাৰ সৈতে হোৱা কথা বাৰ্তাত প্ৰাঞ্জলে ভাৰতীয় ছিনিয়ৰ ফুটবল দলৰ হৈ খেলাৰ সপোনৰ কথা ব্যক্ত কৰে । ইয়াৰ বাবে নিজকে নিখুত প্ৰস্তুতি অব্যাহত ৰাখিছে ফুটবলাৰ গৰাকীয়ে । অলিম্পিয়া স্পৰ্টছকো তেওঁ টেলিফোনিক বাৰ্তালাপত জনালে ধন্যবাদ ।
ক্ৰীড়া অনুৰাগীৰ আশা– প্ৰাঞ্জল ভূমিজৰ সপোনবোৰ পূৰণ হওক ।বিশ্ব ফুটবল ক্ষেত্ৰত অপ্ৰতিৰোধ্য হৈ উঠক প্ৰাঞ্জল । অসমবাসীৰ লগতে শিৱসাগৰ বাসীৰ অশেষ আশীৰ্বাদ আৰু মৰম আছে প্ৰাঞ্জল ভূমিজৰ সৈতে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments