পেৰা অলিম্পিক: কায়াকিং এণ্ড কেনয়িঙত প্ৰাচী যাদৱৰ স্থান লাভ

অলিম্পিয়া প্ৰতিবেদন

আগন্তুক টকিঅ’ পেৰা অলিম্পিকৰ বাবে কায়াকিং এণ্ড কেনয়িং শিতানত স্থান লাভ কৰিছে গোৱালিয়ৰৰ প্ৰাচী যাদৱে। মেগা ইভেণ্টখনত স্থান লাভ কৰা তেওঁ প্ৰথমগৰাকী কেনয়িং খেলুৱৈ। পূৰ্বতে দেশৰ এগৰাকী আগশাৰীৰ পেৰা ছুইমাৰ প্ৰাচীয়ে প্ৰশিক্ষকৰ পৰামৰ্শমতে ছুইমিং এৰি কায়াকিং এণ্ড কেনয়িঙত মনোনিৱেশ কৰে। প্ৰাচীৰ শাৰীৰিক গঠনে তেওঁক কায়াকিং এণ্ড কেনয়িঙত সহায় কৰাৰ সম্ভাৱনা অধিক বাবেই প্ৰশিক্ষকে এই পৰামৰ্শ প্ৰদান কৰে খেলুৱৈগৰাকীক।

প্ৰথমে, প্ৰাচীৰ চূড়ান্ত লক্ষ্য ২০২৪ পেৰিছ অলিম্পিক আছিল যদিও কোভিড-১৯ আশীৰ্বাদ প্ৰমাণিত হয় পেৰা খেলুৱৈগৰাকীৰ বাবে। কৰোনা মহামাৰীৰ বাবে এবছৰ অধিক সময় অনুশীলনৰ বাবে লাভ কৰা কথাই বিশেষভাৱে উপকৃত কৰে এইগৰাকী পেৰা কেনয়িষ্টক।

বিশেষভাৱে সক্ষম প্ৰাচীৰ কঁকালৰ পৰা তলৰ অংশ অকামিলা। নাও চালনাৰ ক্ষেত্ৰত ভৰিৰ ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে তেওঁ মূলত শৰীৰৰ ওপৰৰ অংশৰ সহায়ত অনুশীলন কৰে। কেৱল নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাই নহয়, ২০০৩ চনত নিজ মাতৃক কৰ্কট ৰোগত হেৰুৱাই দুৰ্ভগীয়া প্ৰাচীয়ে।

চৰকাৰী চাকৰিয়াল পিতৃয়ে সদায় সকলো মুহূৰ্ততে প্ৰাচীৰ কাষত থিয় দি আহিছে। তথাপি বহুক্ষেত্ৰত বিভিন্ন সময়ত প্ৰাচী আৰ্থিক সমস্যাৰো সন্মুখীন হৈ আহিছে আৰু এনে কঠিন সময়ত খেলুৱৈগৰাকীৰ কাষত সাহস হৈ থিয় দিছে তেওঁৰ প্ৰশিক্ষকসকলে। পেৰা ইণ্ডিয়ান কায়াকিং এণ্ড কেনয়িং এছোচিয়েছনৰ অধ্যক্ষ তথা প্ৰাচীৰ প্ৰশিক্ষক মায়ংক ঠাকুৰে খেলুৱৈগৰাকীৰ সহায়ক হোৱাকৈ এখন বিশেষ নাও তৈয়াৰ কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *