Sunday, October 2, 2022
HomeNewsপ্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত সোনাৰি টাউন ক্লাব ,গোৱালপাৰাত জেনিথ ক্লাব, হোজাইত টিপটপ...

প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটত সোনাৰি টাউন ক্লাব ,গোৱালপাৰাত জেনিথ ক্লাব, হোজাইত টিপটপ ক্লাব চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

চতুৰ্থ অসম‌ প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপত চৰাইদেউত বিজয় হয় সোনাৰি টাউন ক্লাব । বৃহষ্পতিবাৰে ফাইনেলত সোনাৰি টাউন ক্লাবে ৯ উইকেটত পৰাস্ত কৰে মৰাণ আলপাইনছ ক্লাবক । আলপাইনছে ২৯ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১১৯ ৰাণ । দলৰ হৈ ৰাজীৱ দাসে ৪৭ আৰু বিকাশ ফুকনে কৰে ১৭ ৰাণ । প্ৰতিপক্ষৰ চাও খুনলুঙে ৪ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত সোনাৰি টাউন ক্লাৱে ২৪.৩ অভাৰত মাত্ৰ ১ টা উইকেট হেৰুৱাই ১২৩ ৰাণ কৰি বিজয়ী হয় । দলৰ সুৰজিৎ ৰাজকোঁৱৰে ৫০ আৰু সঞ্জীৱ বৰ্মনে ৪৪ ৰাণৰ অৱদান আগবঢ়ায় ।
গোৱালপাৰাত চেম্পিয়ন জেনিথ ক্ৰিকেট ক্লাব
গোৱালপাৰাত জেনিথ ক্ৰিকেট ক্লাবে হলক্ৰন ক্লাবক ৩ উইকেটত পৰাস্ত কৰি চেম্পিয়ন হয় । বৃহস্পতিবাৰৰ ফাইনেলত হলক্ৰন ক্লাবে ৩০ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৭৭ ৰাণ । দলৰ ৰামিজ ৰাব্বানীয়ে ৭১ ৰাণ কৰে । প্ৰত্যুত্তৰত জেনিথ ক্লাবে ২৮.১ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৭৯ ৰাণ কৰি জয়ৰ মুখ দেখে । বিজয়ী দলৰ হৈ সৰ্বাধিক ৭৩ ৰাণ কৰে যোগেশ শৰ্মাই । তেওঁ ৪৭ টা বলত নিজৰ ইনিংছটো সজায় ।

হোজাইত জয়লাভ টিপটপ ক্লাবৰ

টিপটপ ক্লাবে লামডিং ক’চিং চেন্টাৰক ৪ উইকেটত পৰাস্ত কৰি হোজাইত চেম্পিয়ন হয় । লামডিং ক’চিং চেন্টাৰে ৩৭.৩ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪১ ৰাণ । দলৰ হৈ স্বৰূপ দাসে ৩৪ ৰাণ কৰাৰ বিপৰীতে বলিঙত সুনীল চৌহানে ৩ টা উইকেট লাভ কৰে । প্ৰত্যুত্তৰত টিপটপ ক্লাবে ৩৭ অভাৰত ৬ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । বিজয়ী দলৰ হৈ ৪১ ৰাণ কৰে বিশাল পাণ্ডেই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments