Sunday, October 2, 2022
HomeNewsপ্ৰিমিয়াৰ আন্তঃক্লাব ক্ৰিকেট,ৰেডিয়েল ক্লাব ছেমি ফাইনেলত

প্ৰিমিয়াৰ আন্তঃক্লাব ক্ৰিকেট,ৰেডিয়েল ক্লাব ছেমি ফাইনেলত

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা অসম ক্ৰিকেট সন্থাৰ চতুৰ্থ অসম প্ৰিমিয়াৰ আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ শুক্ৰবাৰৰ খেলত ৰেডিয়েল ক্লাবে শ্বাইন’ছ প্লেয়াৰ্ছক ১০৩ ৰাণত হৰুৱাই সম্পূৰ্ণ পইণ্ট অৰ্জনৰে নিজ গ্ৰুপত শীৰ্ষস্থান লাভ কৰি ছেমি ফাইনেলত উপনীত হৈছে ।এ.এন.কিড’ৱাই ট্ৰফী (ক্লাষ্টাৰ-১)ৰ অধীনত আয়োজিত এই প্ৰতিযোগিতাৰ খেলখনত ৰেডিয়েল ক্লাবে পোনতে বেট ধৰি ৰাজ বৰাৰ-৭৩,নৱজিৎ ঘোষৰ-৬১,শুভন পালৰ-৫০ আৰু নিক দাসৰ-২৭ৰাণৰ উল্লেখনীয় অৱদানৰে ৪০ অভাৰত আঠটা উইকেট হেৰুৱাই ২৬৬ৰাণ সংগ্ৰহ কৰে। বলিঙত শ্বাইন’ছ প্লেয়াৰ্ছৰহৈ ময়ুৰজ্যোতি বৰাই তিনিটা, শিৱম অশোক যাদৱে দুটা, বিৰাজ বৰা, চিৰঞ্জীৱ কৌশিক আৰু বিদেশব্ৰত দত্তই এটাকৈ উইকেট পায় । প্ৰত্যুত্তৰত শ্বাইন’ছ প্লেয়াৰ্ছ দলটোৱে বেট ধৰি ময়ুৰজ্যোতি বৰাৰ-৪০, দেৱজ্যোতি গোস্বামীৰ-৩৪, অধিনায়ক বিদেশব্ৰত দত্তৰ-১৮, বিশাল গোস্বামীৰ অপৰাজিত-১৬ আৰু শিৱম হাজৰিকাৰ-১২ ৰাণৰ উল্লেখনীয় বৰঙণি সত্ত্বেও ৪০অভাৰত ৯ টা উইকেটৰ বিনিময়ত ১৬৩ ৰাণহে কৰিবলৈ সক্ষম হয় । বলিঙত ৰেডিয়েল ক্লাবৰহৈ বিশাল দাস আৰু ৰাজ বৰাই দুটাকৈ,অৰ্পণ দত্ত,ঋতুৰাজ বৰুৱা,নীলদীপ্ত কাশ্যপ,শুভন পাল আৰু প্ৰানজিত বৰাই এটাকৈ উইকেট দখল কৰে ।খেলৰ অন্তত প্ৰাক্তন খেলুৱৈ অৰ্পণ দাসে ৰেডিয়েলৰ ৰাজ বৰাক মেন অব দ্যা মেচৰ বঁটা বিতৰণ কৰে । সেই অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া অসীম কুমাৰ ভাৱাল,সমীৰ হাজৰিকা, দেৱজিত দাস, ডি.জে.গোস্বামী আদি উপস্থিত থাকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments