অলিম্পিয়া প্ৰতিবেদন
অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।
দেশৰ প্ৰায় ২ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত ১৪ বছৰ,১৬ বছৰ,১৮ বছৰ আৰু ২০ বছৰ অনুৰ্ধ ল’ৰা-ছোৱালীৰ বাবে ১০৫ টা ইভেন্টৰ খেল অনুষ্ঠিত হ’ব।
৬ ফেব্ৰুৱাৰীৰ আবেলি ৪ বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিব। প্ৰতিযোগিতাৰ পূৰ্বে সা-সজুলি,কাৰিকৰী দিশ আৰু খেলপথাৰ পৰ্যবেক্ষণৰ বাবে আজি পৰ্যবেক্ষক হিচাপে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ শম্ভু দাস বন্দোপাধ্যায়। প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰি সম্ভূ দাস বন্দ্যোপাধ্যায়ে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিযোগিতাৰ সফলতা কামনা কৰে।
পৰ্যবেক্ষক গৰাকীৰ লগত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ , সম্পাদক অশোক ভৰালী, যু্টীয়া সম্পাদক নিপন দাস, কাৰিকৰী চেয়াৰমেন দিগন্ত শইকীয়াৰ লগতে কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে এই অনুষ্ঠানত।