অলিম্পিয়া প্ৰতিবেদন
বিজয় হাজাৰে ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে মুম্বাইৰ অধিনায়ক পৃথ্বী শ্ব’ই। প্ৰতিযোগিতাত এই পৰ্যন্ত শ্ব’ই ডেৰ শতাধিক ৰানৰ তিনিটাকৈ ইনিংছ খেলিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত ছেমিফাইনেল মেচ এখনত কৰ্ণাটকৰ বিৰুদ্ধে পুনৰ বেটিং পৰাক্ৰম দেখুৱাবলৈ সক্ষম হয় যুৱ ক্ৰিকেটাৰজন।
নতুন দিল্লীৰ পলম গ্ৰাউণ্ডত অনুষ্ঠিত আজিৰ মেচখনত মুম্বাইয়ে প্ৰথমে বেটিং কৰি মুম্বাইয়ে অধিনায়ক শ্ব’ৰ বিস্ফোৰক ১৬৫ ৰানৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত বিশাল ৩২২ ৰান কৰিবলৈ সক্ষম হয়। শ্ব’ৰ ১২২ টা বলৰ ইনিংছটোত আছিল ২২ টা চাৰি আৰু ৭ টা ছয়।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলত সৌৰাষ্ট্রৰ বিপক্ষে ১৮৫ ৰানৰ আন এক বিস্ফোৰক ইনিংছ খেলিছিল শ্ব’ই। চলিত বিজয় হাজাৰে ট্ৰফীত পৃথ্বী শ্ব’ই এটা দ্বি-শতকীয় ইনিংছো উপহাৰ দিছে।
ইয়াৰ লগে লগে ক্ৰিকেটাৰজনে বিজয় হাজাৰে ট্ৰফীৰ এটা চিজনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাবে পৰিগণিত হল। এই পথত তেওঁ মায়ংক আগৰৱালক পিছ পেলাবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে মায়ংক আগৰৱালাই ২০১৭-১৮ চিজনত ৭২৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।