Wednesday, October 5, 2022
HomeNewsহোটেলত বাচন ধুই, বন্ধুৰ পৰা সংগৃহীত ধনেৰে ক্ৰিকেটাৰ হোৱা দুই ক্ৰিকেটাৰ যশস্বী...

হোটেলত বাচন ধুই, বন্ধুৰ পৰা সংগৃহীত ধনেৰে ক্ৰিকেটাৰ হোৱা দুই ক্ৰিকেটাৰ যশস্বী আৰু প্ৰিয়মক আপুনি কিমান জানে?

প্ৰতিভা থাকিলে দ্ৰৰিদ্ৰতা কেতিয়াও বিকশিত হোৱাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে। কষ্ট, অধ্যৱসায়, একাগ্ৰতা আৰু ধৈৰ্যৰ বলত প্ৰতিভাশালী যিকোনো ব্যক্তিয়ে কাংশিত লক্ষ্যত উপনীত হব পাৰে। এই কথাকেই পুনৰবাৰ প্ৰতিয়মান কৰি তুলিলে দুগৰাকী উদীয়মান যুৱকে। হিন্দী বোলছবিৰ কাহিনীৰ দৰেই এই দুয়োগৰাকী যুৱকৰ জীৱনৰ উত্থানৰ কাহিনী, নায়কৰ জীৱনৰ ঘাট-প্ৰতিঘাতৰ দৰেই ৰোমাঞ্চকৰ ঘটনাৱলীৰে সমৃদ্ধ জীৱন কাহিনী। ভাৰতীয় ক্ৰিকেট দলৰ অনূৰ্ধ ১৯ দল গঠন কৰাৰ সময়তেই পোহৰলৈ আহিছিল এই দুয়োগৰাকী প্ৰকৃত নায়কৰ সংগ্ৰামী জীৱন কাহিনী। এই দুয়োগৰাকী ক্ৰিকেটাৰক বহুতে ভৱিষ্যতৰ উজ্জ্বল তাৰকা বুলিও অভিহিত কৰিছে।

ভাৰতীয় ক্ৰিকেট দলটোৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে দলটোৰ অধিনায়ক প্ৰিয়ম গাৰ্গে। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি, যুৱৰাজ সিং আদিক বিশ্ব ক্ৰিকেটে অনূৰ্ধ্ব ১৯ দলৰ পৰায়েই আবিস্কাৰ কৰিছিল। এসময়ত ১৯ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিয়েই বৰ্তমানৰ জাতীয় ক্ৰিকেট দলক নেতৃত্ব প্ৰদান কৰিছে বিৰাট কোহলিয়ে। বিৰাট যুৱৰাজ হতৰ দৰেই একে পথেৰে আগবাঢ়িছে প্ৰিয়ম গাৰ্গ। কিন্তু প্ৰিয়মৰ এই ক্ৰিকেটিয় যাত্ৰাৰ পথ ইমান সহজ নাছিল। দ্ৰৰিদ্ৰতাই বাৰে বাৰে বাধা প্ৰদান কৰিছিল প্ৰিয়মৰ এই যাত্ৰাত। অৱশ্যে প্ৰিয়মৰ ধৈৰ্য, কষ্ট আৰু অধ্যৱসায় ওচৰত হাৰ মানিছিল দ্ৰৰিদ্ৰতাই।

উত্তৰ প্ৰদেশৰ এগৰাকী গাড়ী চালকৰ পুত্ৰ প্ৰিয়ম গাৰ্গ। নিজকে এগৰাকী ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰিয়মে কৰিবলগীয়া হৈছিল যথেষ্ট সংগ্ৰাম। পাঁচোটা সন্তানৰ সকলো দায়িত্ব বহন কৰি প্ৰিয়মৰ পিতৃয়ে প্ৰিয়মক ক্ৰিকেটৰ বাবে প্ৰয়োজনীয় বেট, পেদ আদি কিনি দিয়াটো অসম্ভৱ আছিল। পিছে প্ৰিয়মৰ ক্ৰিকেটৰ প্ৰতি যি অনুৰাগ আছিল, ভালপোৱা আছিল সেয়া প্ৰিয়মৰ পিতৃয়ে অনুভৱ কৰিব পাৰিছিল। সেয়ে পন লৈছিল প্ৰিয়মৰ সপোনক তেওঁ যিকোনো পৰিস্থিতিত সাকাৰ ৰূপ দিব। সেই নিমিত্তে প্ৰিয়মৰ পিতৃয়ে তেওঁৰ বন্ধু মহলৰ পৰা সংগ্ৰহ কৰিলে ধন। সংগৃহীত ধনেৰে প্ৰিয়মক উত্তৰ প্ৰদেশৰে এক ক্ৰকেট প্ৰশিক্ষন কেন্দ্ৰত নাম লগাই দিয়া হল। প্ৰিয়মৰ বাবে আছিল এয়া এক সুবৰ্ণ সুযোগ। প্ৰশিক্ষণ কেন্দ্ৰত প্ৰিয়মে নিজৰ প্ৰতিভাক আৰু অধিক প্ৰখৰ কৰিলে। যাৰ সুৱাদত স্থান লাভ কৰিবলৈ সক্ষম হল উত্তৰ প্ৰদেশৰ অনূৰ্ধ্বৰ ১৮ ক্ৰিকেট দলত।

ইয়াৰ পিছত প্ৰিয়মে পিছলৈ উভতি চাবলগীয়া হোৱা নাই। প্ৰতিখন মেচত প্ৰিয়মে নিজৰ প্ৰতিভাৰ প্ৰমাণ দাঙি ধৰি উতকৃষ্ট প্ৰদৰ্শন আগবঢ়াই গ’ল। যাৰ বাবে উত্তৰ প্ৰদেশৰ ৰঞ্জী দলত স্থান লাভ কৰিবলৈ সক্ষম হল প্ৰিয়মে। প্ৰিয়মৰ বাবে ৰঞ্জী ক্ৰিকেটত দলত স্থান লাভ কৰাটো আছিল এক অন্যতম সুযোগ। ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰাৰ এক সুবৰ্ণ সুযোগ। সুযোগৰ সত ব্যৱহাৰ কৰাত সিদ্ধহস্ত প্ৰিয়মে ইতিহাস সৃষ্টি কৰি ৰঞ্জি ক্ৰিকেটত অৰ্জন কৰিলে দ্বিশতক।মাত্ৰ ১৮ বছৰ বয়সত প্ৰিয়মে সংগ্ৰহ কৰা এই দ্বিশতকে ভাৰতীয় ক্ৰিকেটৰ বহুবিখ্যাত ক্ৰিকেটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হল। এই সুৱাদতে প্ৰিয়মে লাভ কৰিলে বিশ্বকাপৰ বাবে গঠন কৰা ভাৰতীয় দলত স্থান। কেৱল দলত স্থান দিয়াই নহয়, নিৰ্বাচকে প্ৰিয়মক দিলে গুৰু দায়িত্ব। অনূৰ্ধ্ব ১৯ ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্বও অৰ্পন কৰিলে প্ৰিয়মৰ কান্ধতেই।

ৰাষ্ট্ৰীয় নিৰ্বাচকৰ সিদ্ধান্তক সত্য প্ৰমাণ কৰি প্ৰিয়মে তেওঁৰ প্ৰতিভাৰ উমান বিশ্ব ক্ৰিকেটৰ আগত দাঙি ধৰিছে। বিশ্ব ক্ৰিকেটে প্ৰিয়মৰ নেতৃত্বক প্ৰশংসা কৰিছে। প্ৰিয়মৰ নেতৃত্বতে ভাৰতীয় দলে এতিয়ালৈকে এখনো মেচত পৰাজয় বৰণ নকৰাকৈ বিশ্বকাপৰ প্ৰবল দাবীদাৰ হৈ পৰিছে।

প্ৰিয়মৰ দৰেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আন এগৰাকী ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল। এইগৰাকী ক্ৰিকেটাৰৰ জীৱন সংগ্ৰাম প্ৰিয়ম গাৰ্গতকৈ আৰু অধিক কৰুণ। যশস্বীৰ জীৱন সংগ্ৰাম আৰু ক্ৰিকটৰ জগতলৈ যাত্ৰা কৰাৰ যি কৰুণ কাহিনী সেই কাহিনীয়ে সকলোকে আৱেগিক কৰি তোলিছে। উত্তৰ প্ৰদেশৰ মেৰুটত জন্ম গ্ৰহণ কৰা যশস্বীয়ে দুবেলা দুমুঠি পেট ভৰাই খাবলৈও পোৱা নাছিল। পাৰ কৰিছে বহু উজাগৰী নিশা। সেয়া আছিল যশস্বীৰ শিশু কালৰ কথা।

এগৰাকী ক্ৰিকেটাৰ হোৱাৰ স্বপ্নত বিভোৰ হৈ থকা যশস্বী মাত্ৰ ১৩ বছৰ বয়সতেই গুছি গৈছিল স্বপ্নৰ চহৰ মায়ানগৰী মুম্বাইলৈ। ১৩ বছৰীয়া যশস্বীয়ে মুম্বাইত খাই বৈ জীয়াই থাকিবলৈ প্ৰথমে এখন চাহৰ দোকানত বাচন ধোৱাৰ কাম আৰম্ভ কৰিলে। পাৰিশ্ৰমিক হিচাপে পোৱা টকা কেইটাৰ পৰাই অলপ অলপকৈ ধন ৰাহি কৰি যশস্বীয়ে ক্ৰয় কৰিলে ক্ৰিকেট খেলাৰ উপযোগীকৈ এখন বেট আৰু এযোৰ পেদ। এগৰাকী ক্ৰিকেটাৰ হোৱাৰ অদম্য হেপাহৰ বাবেই দিনত হোটেলত বাচন ধুই নিশা আজাদ মৈদানত নিজেই আৰম্ভ কৰিলে ক্ৰিকেটৰ অনুশীলন। নিশা পাৰ কৰিবলৈ বাচি ললে চাফাই কৰ্মী সকল বসবাস কৰা অত্যন্ত এক লেটেৰা টেণ্ট। এই সময়তেই যশস্বীয়ে হোটেলৰ কাম বাদ দি পথৰ দাঁতিত নিজাকৈ আৰম্ভ কৰিলে ফুচকাৰ থেলা। যশস্বীৰ ক্ৰিকেটৰ ওপৰত থকা দক্ষতা দেখি আজাদ নগৰৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক গৰাকীক এগৰাকী ব্যক্তিয়ে যশস্বীৰ কথা কৈছিল। সেয়াই আছিল টাৰ্নিং পইন্ট। যশস্বীৰ ক্ৰিকেটৰ ওপৰত থকা প্ৰতিভা দেখি প্ৰশিক্ষক গৰাকীয়ে যশস্বীক আজাদ নগৰ ক্ৰিকেট দলত স্থান দিলে। প্ৰশিক্ষক গৰাকীয়ে কেৱল আজাদ নগৰ ক্ৰিকেট দলত স্থান দিয়াই নহয় যশস্বীক আজাদ নগৰ ক্ৰিকেট ক্লাৱতে থকা-খোৱাৰ সুযেগ দিলে। যশস্বীয়ে বুজি পাইছিল সি লাভ কৰা এই সুযোগৰ সতব্যৱহাৰ কৰিব লাগিব। সেই অনুসৰিয়েই যশস্বীয়ে তাৰ সকলোবোৰ উজাৰী ক্লাবটোৰ হৈ খেলিছিল। ইয়াৰ পিছতেই যশস্বীলৈ আহিছিল এচাৰ পিছত আন এটা সুযোগ। সুৱ সোনকালেই যশস্বী মুম্বাই ক্ৰিকেটৰ নায়কলা পৰিণত হল যশস্বী। চিনিয়ৰ ক্ৰিকেটত সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে যশস্বীয়ে অৰ্জন কৰিলে দ্বিশতক। সৃষ্টি হল নতুন ইতিহাস। যশস্বীৰ এি সফলতাত মুগ্ধ হল ভাৰতীয় ক্ৰিকেটৰ প্ৰবাদ প্ৰতিম ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ।ভাৰতীয় নিৰ্বাচকে বিশ্বকাপ দলত যশস্বীক স্থান দিলে। নিৰ্বাচকৰ নিৰ্বাচন সঠিক প্ৰমাণিত কৰি যশস্বীয়ে বিশস্বকাপত বৰ্তানলৈকে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইতিমধ্যে বিশ্বকাপত ভাৰতৰ বেটিঙৰ মূল শক্তি ৰূপে যশস্বী বিবেচিত হৈছে। চাৰিখন মেচৰ তিনিখনত কৰিছে অৰ্ধশতক।

ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ তাৰকা কোন হব সেয়া অনূৰ্ধ্ব ১৯ ক্ৰিকেটৰ পৰাই পূৰ্বানুমান কৰিব পাৰি। ইতিমধ্যে প্ৰিয়ম আৰু যশস্বী ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ নয়নৰ মণি হৈ পৰিছে। যশস্বীৰ ওপৰত ক্ৰীড়া মহলৰ আস্থা বৃদ্ধি পাইছে। আই পি এলত ৰাজস্থান ৰয়েলছে ২০ লাখ টকা ভিত্তি মূল্য নিৰ্ধাৰণ কৰা যশস্বীক ২.৪ কোটি টকাত ক্ৰয় কৰিছে।

জীৱন সংগ্ৰামত হাৰ নমনা এই দুয়োগৰাকী ক্ৰিকেটাৰে জীৱন ক্ৰীড়াংগনত দেখুওৱা যুজাৰু মানসিকতাক বিশ্ব ক্ৰীড়াংগমটো দেখুওৱাবলৈ সক্ষম হওক। ভাৰতৰ ক্ৰিকেটৰ ভৱিষ্যতৰ ধ্বজা প্ৰিয়ম আৰু যশস্বীয়ে বহন কৰিবলৈ সক্ষম হওক। আমাৰ এয়াই আশা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments