Monday, October 3, 2022
HomeNewsনগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেটৰ সামৰণি,টাইগাৰ ইলেভেন চেম্পিয়ন

নগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেটৰ সামৰণি,টাইগাৰ ইলেভেন চেম্পিয়ন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী মৌজাৰ অন্তৰ্গত পুখুৰীপাৰৰ বীৰ চিলাৰায় যুৱ সংঘৰ উদ্যোগত মঙলবাৰে সামৰণি পৰা তিনিদিনীয়া প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত পুখুৰীপাৰৰ টাইগাৰ ইলেভেনে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে । পুখুৰীপাৰৰ অস্থায়ী খেলপথাৰত নগাঁও আৰু মৰিগাঁও জিলা ভিত্তিত আয়োজিত সীমিত অভাৰৰ প্ৰতিযোগিতাখনৰ মঙলবাৰে অনুষ্ঠিত ফাইনেলত টাইগাৰ ইলেভেনে ইয়ং ষ্টাৰ ক্লাবক ৬ উইকেটত পৰাজিত কৰে । খেলখনত পুখুৰীপাৰ ইয়ং ষ্টাৰ ক্লাবে টছত জিকি পোনতে বেট ধৰি ১২ অভাৰত ৬ টা উইকেট হেৰুৱাই ৮২ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত টাইগাৰ ইলেভেনে বেট ধৰি ১১.৫ অভাৰত ৪ টা উইকেটৰ বিনিময়ত ৮৪ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । মুঠ ১৬ টা দলে ভাগ লোৱা প্ৰতিযোগিতাৰ অন্তত সমাজ সংগঠক নৃপেন চন্দ্ৰ বৰদলৈয়ে আঁত ধৰা সামৰণি অনুষ্ঠানত কাছমাৰী গাঁও পঞ্চায়তৰ সভাপতি পংকজ বৰা আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকা সন্মানীয় অতিথিৰূপে উপস্থিত থাকি বিভিন্ন বঁটাসমূহ বিতৰণ কৰে । টাইগাৰ ইলেভেনৰ হিতেশ্বৰ বৰদলৈ মেন অব দ্যা ছিৰিজ আৰু চিণ্টু বৰা ফাইনেলৰ মেন অব দ্য মেচৰূপে পৰিগণিত হয় । উল্লেখ্য যে,ফাইনেল খেলখনত সমীৰ বৰদলৈ আৰু সুৰেশ বৰদলৈ আম্পায়াৰৰূপে আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments