Sunday, October 2, 2022
HomeNewsনগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেটৰ আয়োজন

নগাঁৱৰ পুখুৰীপাৰত প্ৰাইজমানি ক্ৰিকেটৰ আয়োজন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কাছমাৰী মৌজাৰ অন্তৰ্গত পুখুৰীপাৰৰ বীৰ চিলাৰায় যুৱ সংঘৰ উদ্যোগত অহা ১৩ ফেব্ৰুৱাৰী (দেওবাৰ)ৰ পৰা নগাঁও আৰু মৰিগাঁও জিলা ভিত্তিত এখনি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আয়োজক সমিতিৰ সভাপতি সমীৰ বৰদলৈ, সম্পাদক বিশাল বৰদলৈ আৰু বিষয়ববীয়া উত্তম বৰদলৈয়ে জনোৱা মতে পুখুৰীপাৰৰ অস্থায়ী খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সীমিত অভাৰৰ এই প্ৰতিযোগিতাখনৰ বিজয়ী আৰু ফাইনেলিষ্ট দলক ট্ৰফীসহ নগদ ধনৰ লগতে ‘মেন অব দ্য ছিৰিজ’ আৰু ফাইনেলৰ ‘মেন অব দ্য মেচ’ৰূপে বিবেচিত খেলুৱৈকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হ’ব । প্ৰতিযোগিতা সম্পৰ্কত সবিশেষ জানিবৰ বাবে ইচ্ছুক দলসমূহক শীঘ্ৰে আয়োজক সমিতিৰ সভাপতি সমীৰ বৰদলৈৰ সৈতে যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে লগতে অনুৰোধ জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments